NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ আঞ্চলিক দলক একত্ৰিত হোৱাৰ আহ্বান অসম সংগ্ৰামী মঞ্চ-লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ

Posted by: অণিৰ্বান পাঠক June 6, 2018 10:47 pm
Press meet at ghy

বিজেপি আৰু কংগ্ৰেছক বাদ দি ৰাজ্যৰ সৰু বৰ অসাম্প্ৰদায়িক আৰু ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দলসমুহক সবল আঞ্চলিকতাবাদৰ ভেটি গঢ়ি তুলিবলৈ একেখন ৰাজনৈতিক মঞ্চতে হাতত হাত ধৰি থিয় দিবৰ বাবে অনুৰোধ জনায় অসম সংগ্ৰামী মঞ্চ আৰু লিবাৰেল ডেমক্ৰেটিক পাৰ্টি, অসমে।

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত দুয়োটা ৰাজনৈতিক দলে যৌথভাৱে এখন সংবাদমেল অনুষ্ঠিত কৰি এই আহ্বান জনাই লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ সভাপতি গুণ গগৈ, সাধাৰণ সম্পাদিকা জিন্তী গগৈ আৰু অসম সংগ্ৰামী মঞ্চৰ উপসভাপতি ইন্দ্ৰমোহন সৰকাৰ আৰু সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই।

ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ অস্তিত্বৰ জটিল সন্ধিক্ষণত আঞ্চলিকতাবাদী শক্তিৰ একত্ৰিত হোৱাৰ প্ৰযোজনীয়তাৰ বিষয়ে মত পোষণ কৰে দুয়োটা ৰাজনৈতিক দলে।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ তীব্ৰ বিৰোধীতা কৰি বিধায়কখন সন্দৰ্ভত বাংলাদেশ চৰকাৰৰ লগত ভাৰত চৰকাৰৰ গোপন বুজাবুজি থকা বুলি দল দুটাই মন্তব্য কৰাৰ লগতে এই বুজাবুজি ৰাজহুৱা কৰাৰ দাবী জনায়।

গোপন বুজাবুজি নাথাকিলে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি থকাৰ সময়তে এই বিধেয়কখন উত্থাপন কৰাৰ কি প্ৰয়োজন আছিল বুলিও দল দুটাই প্ৰশ্ন উত্থাপন কৰে।

ইয়াৰ উপৰি ৩০ জুনত এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছতহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা ক’ব পৰা যাব বুলি বিজেপিৰ কেবাগৰাকী নেতা মন্ত্ৰীয়ে কৰা মন্তব্যৰ অন্তৰালত গভীৰ অভিসন্ধি লুকাই থকাৰ সন্দেহ প্ৰকাশ কৰে লিবাৰেল ডেমক্ৰেটিক পাৰ্টি আৰু অসম সংগ্ৰামী মঞ্চৰ নেতৃত্বই।

বিজেপিৰ একাংশ নেতাৰ কিছুমান মন্তব্যই ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি তেওঁলোকক তেনে মন্তব্যৰ পৰা বিৰত থাকিবলৈ দল দুটাই সকীয়াই দিয়ে।

আজিৰ সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিক লৈ সন্দেহ প্ৰকাশ কৰি ক্ষমতাৰ স্বাৰ্থত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ কংগ্ৰেছীৰ মাজত পুনৰ বিভাজন আহিব নে সংসদৰ আগন্তুক অধিবেশনত এই স্থিতি বাহাল ৰাখিব পাৰিব বুলি তেওঁলোকে প্ৰশ্ন কৰে। লগতে চৰকাৰৰ মিত্ৰদল অগপকো এই বিধেয়কৰ বিৰোধিতা কৰি চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰৰ কৰিবলৈ তেওঁলোকে দাবী জনায়।