NORTHEAST NOW (Assamese)

ৰাজ্যৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ সালসলনি, বিৰেন্দ্ৰ মিট্টাল কামৰূপ(ম)ৰ নতুন উপায়ুক্ত

February 20, 2018 10:29 pm · নবাৰুণ গুহ
বিৰেন্দ্ৰ মিট্টাল

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দিছপুৰত আজি লোৱা এক গুৰুত্বপূৰ্ণ সিদ্ধান্তমৰ্মে কামৰূপ(ম) জিলাৰ উপায়ুক্তকে ধৰি ৯ গৰাকী আই এ এছ বিষয়াৰ তাতক্ষণিক সালসলনি কৰা হয়।

ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া বিৰেন্দ্ৰ মিট্টালক কামৰূপ(ম)ৰ তথা পূব কামৰুপৰ উপায়ুক্তৰ দায়িত্ব দিয়া হৈছে, ইয়াৰ পূৰ্বে তেওঁ যোৰহটৰ উপায়ুক্ত আছিল।

উল্লেখ্য যে যোৱা চাৰি বছৰ ধৰি এম অংগমুঠু কামৰূপ(ম)ৰ উপায়ুক্তৰ দায়িত্বত আছিল।

অংগমুঠুক বৰ্তমান অসম চৰকাৰৰ নগৰ উন্নয়ন দপ্তৰৰ উপায়ুক্ত আৰু সচিব পদত নিয়োগ কৰা হৈছে।

নতুন দায়িত্বভাৰ গ্ৰহন কৰি মিট্টালে নৰ্থ-ইষ্ট নাওক কয়, ‘নতুন নিযুক্তিক লৈ মই যথেষ্ট আনন্দিত। এইয়া এক গধুৰ দায়িত্ব তথা ডাঙৰ সুযোগ, গুৱাহাটীক এখন ভাল ঠাই হিচাপে গঢ়ি তুলিবলৈ মই সম্পূৰ্ণ চেষ্টা কৰিম।’

সালসলনি হোৱা আন উপায়ুক্ত সকল হৈছে- শিৱসাগৰৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰক যোৰহাটলৈ বদলি কৰাৰ বিপৰীতে কাৰ্বি আংলঙৰ উপায়ুক্ত আদিল খানক হাইলাকান্দীৰ উপায়ুক্তৰূপে নিযুক্ত কৰা হয়। মাজুলিৰ উপায়ুক্ত পল্লব গোপাল ঝাক শিৱসাগৰৰ উপায়ুক্তৰ দায়িত্ব দিয়াৰ লগতে হাইলাকান্দীৰ উপায়ুক্ত কৃষ্ণ গোবিন্দ ভূঞাক গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্বত নিয়োগ কৰা হৈছে।

ইয়াৰোপৰি অসম সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালক দেৱ প্ৰসাদ মিশ্ৰক মাজুলিৰ উপায়ুক্ত হিচাপে নিযোগ কৰাৰ বিপৰীতে  কামৰুপ(ম)ৰ জিলা উন্নয়ন আয়ুক্ত বৰ্নালী শৰ্মাক সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালকৰ দায়িত্ব অৰ্পন কৰা হয়।

আনহাতে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক তথা সংসদীয় পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব মৃদুল কুমাৰ ভূঞাক কাৰ্বি আংলঙৰ উপায়ুক্তৰ দায়িত্ব দিয়া হয়।

Related News