NORTHEAST NOW (Assamese)

ৰাজ্যৰ সকলো লোকেই ঐক্যবদ্ধ হ’লে পৃথিৱীৰ কোনো শক্তিয়ে মনিপুৰক বিভাজিত কৰিব নোৱাৰে: এন বিৰেন সিং

December 13, 2017 5:02 pm · এন ই নাও নিউজ
Updated: December 13, 2017 8:12 pm

মঙলবাৰে ইম্ফলৰ নুপি লাল স্মৃতিক্ষেত্ৰত আয়োযিত নুপি লাল দিৱস (মহিলা যুদ্ধ) উদযাপনত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী এন বিৰেন সিঙে কয় যে যদিহে ৰাজ্যখনৰ সকলো লোকেই ঐক্যবদ্ধ হয় তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে মনিপুৰক বিভাজিত কৰিব নোৱাৰে।

তেওঁ লগতে উল্লেখ কৰে ‘আমি এক দিঘল সময় ধৰি নিজৰ মাজতে কিছু ভাৱ, ধাৰনা আৰু সন্দেহ লৈ জীয়াই আছো। এক উণ্নত আৰু সমিদ্ধিশালী মনিপুৰৰ বাবে আমি সম্প্ৰদায় তথা  ৰাজনৈতিক আদৰ্শ নিৰ্বিকেশে একগোট হোৱা উচিত।’ ৰাজ্যখনৰ লোকসকললৈ বিশেষকৈ মহিলা সকলক উদ্দেশ্যি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে  ৰাজ্যখনৰ প্ৰত্যেকজন লোকেই এক সুস্থিৰ, শাঁন্তিময় আৰু ভাল মনিপুৰৰ বাবে কেন্দ্ৰক আহবাণ জনোৱাৰ লগতে নিজৰ দৃষ্টিভংগী আৰু মত প্ৰকাশ কৰা উচিত। ৰাইজৰ সহায়-সহযোগ অবিহণে চৰকাৰে অকলে এই কাম কৰিব নোৱোৰে বুলি মন্তব্য কৰি তেওঁ আৰু কয় যে মনিপুৰ তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যা সমুহৰ এক স্থায়ি সমাধাণ অানিবলৈ সকলো অংশীদাৰেই সেয়া লাগিলে সহশ্ৰ বা আন যি সংগঠণেই নহওক ভাগ লোৱা উচিত।

ইয়াৰ পিছতে মুখ্য মন্ত্ৰীয়ে উপষ্টিত লোকসকলক স্মৃতিস্তম্ভ সমুসত পুষ্পানজলি প্ৰদানত নেতৃত্ব দিয়ে। অনুষ্ঠাণটোত উক্ত দিৱসৰ লগত সংগতি ৰাখি নুপি লাল স্মৃতিৰক্ষ্যা সমিতি আৰু নুপি লাল তথা খংজম যুদ্ধ স্মাৰক সমাজে ‘নুপি লাল’ ওপৰত এখন নাটকো পৰিবেশণ কৰে।

অনুষ্ঠাণটোত ৰাজ্যৰ কৃষি মন্ত্ৰী ভি সাঙখেলীয়ান, শক্তি মন্ত্ৰী থ বিশ্বজিত, বণ মন্ত্ৰী থ শ্যামকুমাৰ, শিক্ষা মন্ত্ৰী থ ৰাধেশ্যাম, সমাজ কল্যাণ মন্ত্ৰী নেমচা  কিপজেন, পাহাৰ ক্ষেত্ৰ সমিতিৰ অধ্যক্ষ এল ৰাধাকিশোৰ, ‘মেণ্ডিকো’ (MANIDCO)ৰ অধ্যক্ষ ড০ ৱাই ৰাধেশ্যাম, মনিপুৰ পৰ্যটণ বিভাগৰ অধ্যক্ষ ড০ চপম ৰণজন, প্ৰাক্তন উণ্নয়ন মন্ত্ৰী থ চাওবা আৰু অনান্য শৃৰ্ষ পুলিচ তথা অসামৰিক বিষয়া সকল উপষ্টিত থাকে।

আনহাতে ‘মেনজৰ মাল্টি-পাৰ্পাছ গবেষণা & ইউনিতি পাৰ্ক’ত অনুষ্ঠীত ‘নুপি লাল নিঙসিং থাওৰাম’ অনুষ্টানত ভাগ লৈ ৰাজ্যৰ তথ্য আৰু জণসংযোগ মন্ত্ৰী থংগাম বিশ্বজিত সিঙে কয় ‘আজিৰ দিনটো মনিপুৰৰ ইতিহাসত এটা উল্লেখযোগ্য দিন’। তেওঁ মনিপুৰৰ ৰাজনৈতিক তথা অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত নুপি লাল আণ্ডোলন লগতে মনিপুৰি মহিলাসকলে লোৱা ভূমিকাৰ গুৰুত্ব আৰোপ কৰে। মনিপুৰি মহিলাসকলে অন্যায়ৰ বিৰুদ্ধে থিয় দিয়াত কেতিয়াও পিছসুশোকা নাই বুলি মন্তব্য কৰি মন্ত্ৰী জনে কয় যে আজিও মনিপুৰী মহিলাসকলে সামাজিক অন্যায়ৰ বিৰুদধে সমান দৃঢ়তাৰে থিয় দি আছে। ইয়াৰ উপৰি তেওঁ সমাজৰ উণ্নতিৰ লগতে অনাণ্য ক্ষেত্ৰটো মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Related News