NORTHEAST NOW (Assamese)

ৰাজ্য কঁপোৱা শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ ধৰ্ষণ-হত্যাত দুজনক দোষী সাব্যস্ত

July 24, 2018 10:58 pm · এন ই নাও নিউজ
Updated: July 25, 2018 12:01 am

যমুনামুখৰ শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ ধৰ্ষণ-হত্যাৰ ৰাজ্য কঁপাই যোৱা ঘটনাত অভিযুক্ত চেলিম উদ্দিন আৰু মইনুল হকক আজি ২৪ জুলাইত হোজাইৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে দোষী সাব্যস্ত কৰিছে।

ন্যায়াধীশ নগেন ছেনাবায়া দেউৰীৰ আদালতে দোষী সাব্যস্ত কৰা অভিযুক্ত দুজন সন্দৰ্ভত অহা ১ আগষ্টত চূড়ান্ত ৰায় প্ৰদান কৰিব।

বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ বাটত ২০১৭ চনৰ ৩১ মে’ৰ সন্ধিয়া অভিযুক্ত মইনুল হকে বৰাক চেলিম উদ্দিনৰ সহযোগত ধৰ্ষণ কৰি হত্যা কৰাৰ পিছত শিক্ষয়িত্ৰীগৰাকীক কপিলী নৈত পেলাই দৈছিল।

যমুনামুখৰ এলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছিল অৰ্ণমাই বৰা।

Related News