NORTHEAST NOW (Assamese)

ৰাজ্য চৰকাৰৰ হস্তক্ষেপত চাহ শ্ৰমিকৰ মজুৰি সমস্যাৰ সমাধান

March 22, 2018 3:33 pm · এন ই নাও নিউজ
Chandra Mohan Patowary. Commerce and Industry, Transport addressing press conference regarding Advantage Assam- the Assam Global Investors' Summit at Guwahati on 01-02-2018. Pix BY UB Photos

বিগত তিনি সপ্তাহ ধৰি আসাম টী কোম্পানীয়ে চাহ শ্ৰমিকৰ মজুৰি আৰু ৰেচন মোকোলাই নিদিয়াৰ ফলত অসমত ব্যাপক সমস্যাৰ উদ্ভৱ হৈছিল। শেহতীয়াভাৱে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ হস্তক্ষেপত এই সংকটৰ সমাধান হৈছে বুলি জানিব পৰা গৈছে

বুধবাৰে আসাম টী কোম্পানি লিমিটেডৰ বিষয়াসকল, ৰিজল্যুশ্যন প্ৰফেশ্যেন টীম আৰু ষ্টেটবেংক, এলাহাবাদ বেংক আৰু বেংক অৱ বৰোদাৰ বিষয়াবৰ্গক লৈ মুখ্য মন্ত্ৰী আৰু উদ্যোগ আৰু বাণিজ্য মন্ত্ৰীয়ে দিচপুৰত এখন সভাত মিলিত হৈ সমাস্যাটো সমাধান কৰে। এই সভাত উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সচীব ৰৱি কাপুৰ আৰু চৰকাৰৰ আন আন জ্যেষ্ঠ বিষয়াও বুধবাৰৰ সভাত উপস্থিত আছিল।

ৰাজ্য চৰকাৰৰ হস্তক্ষেপৰ হস্তক্ষেপৰ ফলত শ্ৰমিকৰ অনাদায় হৈ থকা মজুৰি আৰু ৰেচনৰ বাবে প্ৰয়োজনীয় পূঁজিখিনি ৰিজল্যুশ্যন প্ৰফেশ্যনেল টীমৰ হাতলৈ হস্তান্তৰ কৰা হয়। টীমটোৱে শ্ৰমিকসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰি আৰু ৰেচন তাৎক্ষণিভাৱে বিতৰণ কৰিব। চৰকাৰে এই কথা স্পষ্ট কৰি দিছে যে শ্ৰমিকৰ মজুৰি আৰু ৰেচনৰ বাবে অহা ৪-৫ মাহলৈকে প্ৰয়োজনীয় ধনখিনি ইতিমধ্যে মুকলি কৰি দিয়া হৈছে।

এই সময়চোৱাৰ ভিতৰতে ৰাষ্ট্ৰীয় কোম্পানি আইন ন্যায়াধিকৰণে চাহ বাগিচাসমূহৰ মালিকানা সন্দৰ্ভত এটা সিদ্ধান্ত গ্ৰহণ কৰিব।

চাহ শ্ৰমিকৰ মজুৰি সংকটৰ সময়ত গ্ৰহণ কৰা চৰকাৰৰ  এই সময়োপযোগী সিদ্ধান্তই আসম কোম্পানি লিমিটেডৰ অন্তৰ্গত চাহ  বাগিচাসমূহক এক সাম্ভাব্য আইন-কানুনজনিত অস্থিৰতাৰ পৰা ৰক্ষা কৰিলে।

Related News