NORTHEAST NOW (Assamese)
Popular Stories

দেশৰ ক্ৰিকেট প্ৰশিক্ষণৰ সৰ্বোচ্চ অনুষ্ঠানত অসম-সন্তান; ৰাষ্ট্ৰীয় একাডেমিত প্ৰশিক্ষক পদত নিশান্ত বৰদলৈ

Posted by: এন ই নাও নিউজ June 19, 2018 9:50 pm

অসমৰ প্ৰাক্তন ৰঞ্জী খেলুৱৈ নিশান্ত বৰদলৈক ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক ব’ৰ্ডৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাদেমিৰ এজন প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

এই অভিজাত একাদেমিখনৰ প্ৰশিক্ষকৰূপে নিযুক্ত হোৱা নিশান্ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম বেক্তি।

পূৰ্বতে নিশান্ত বৰদলৈ বিচিচিআইয়ে আয়োজন কৰা চৈয়দ মুস্তাক আলী টি-টুৱেন্টি প্ৰতিযোগিতাৰ বাবে উত্তৰ মণ্ডল দলটোৰ দলীয় প্ৰশিক্ষক হিচাপেও নিৰ্বাচিত হৈছিল। সেই দলটোৰ নেতৃত্বত আছিল হৰভজন সিং।

গুৱাহাটীৰ ডনবস্ক’ স্কুল আৰু কটন কলেজৰ এগৰাকী প্ৰাক্তন ছাত্ৰ বৰদলৈ সোঁহতীয়া বেটছমেন আৰু সোঁহতীয়া অফ-ব্ৰেক বলাৰ আছিল।

১৯৯৪-৯৫ বৰ্ষত ৰঞ্জী দলৰ খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰা বৰদলৈয়ে ৩৫ খন প্ৰথম শ্ৰেণীৰ খেলৰ উপৰি অসমৰ হৈ ২৯ খন খেলত ভাগ লৈছিল। তেওঁ বৰ্তমান অৰ্হতাসম্পন্ন শাৰীৰিক ফিটনেছ তথা ফিল্ডিং প্ৰশিক্ষক হিচাপে কাম কৰি আছে।

তেওঁ ৩০ গৰাকীতকৈয়ো অধিক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আৰু ১০০ তকৈয়ো অধিক ভাৰতৰ প্ৰথম শ্ৰেণীৰ খেলুৱৈক প্ৰশিক্ষণ দিছে।

তেওঁ লগতে ইংলেণ্ড এণ্ড ওৱেলছ ক্ৰিকেট ব’ৰ্ডৰ এগৰাকী অৰ্হতাসম্পন্ন লেভেল-২ পৰ্যায়ৰ ক্ৰিকেট প্ৰশিক্ষক আৰু এগৰাকী বিশেষজ্ঞ  ফিল্ডিং প্ৰশিক্ষক।