NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় চাব জুনিয়ৰ ৱুশ্বু প্ৰতিযোগিতালৈ ছিকিম এমেচাৰ ৱুশ্বু এচচিয়েশ্বনৰ ন জনীয়া দল

Posted by: সাগৰ ছেত্ৰি March 25, 2018 6:15 pm
wushu sikkim

জম্মুত ২৭ৰ পৰা ৩১ মাৰ্চলৈকে অনুষ্ঠিত হ’ব লগা ১৭ সংখ্যক ৰাষ্ট্ৰীয় চাব জুনিয়ৰ ৱুশ্বু প্ৰতিযোগিতা ২০১৮ত ভাগ ল’বলৈ দেওবাৰে ছিকিম এৰিলে ৰাজ্যখনৰ এমেচাৰ ৱুশ্বু এচচিয়েশ্বনৰ নজনীয়া দলে।

ৰাজ্যিক দলটোৰ সদস্যসকল হ’ল চেমিনা ৰায় (৩২ কে’জি), অংমিত লেপচা (৪৫ কে’জি), অজয় গুৰুং (২৪ কে’জি), আৰন লিম্বু (২৮ কে’জি), আয়ুশ ছেত্ৰি (৩৬ কে’জি), বিকাশ ছেত্ৰি (৩৯ কে’জি), ৰিগাল গুৰুং (৪২ কে’জি), নিশাল ছেত্ৰি (৫২ কে’জি) আৰু হেং চুব্বা (৩২ কে’জি)।

প্ৰশিক্ষক হিচাপে আৰন গুৰুং আৰু বেনিতা ৰায় আৰু ৰাষ্ট্ৰীয় ৰেফাৰি হিচাপে দিপেন শংকৰে দলটোৰ লগত গৈছে।

দলটোৰ সদস্যসকলে কঠোৰ প্ৰশিক্ষণ শিবিৰ পাৰ কৰিছে বুলি উল্লেখ কৰি প্ৰশিক্ষক গুৰুঙে কয় যে প্ৰতিযোগিতাখনত সৰ্বোচ্চ প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে সকলো প্ৰস্তুত। তেওঁ লগতে কয় যে ৰাজ্যৰ তৰুণ সমৰকলাবিদসকলৰ বাবে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন এক বৃ্হৎ সুযোগ।