NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰৰ পৰা মুক্তি অখিল গগৈক

Posted by: এন ই নাও নিউজ December 21, 2017 11:33 am

আজি অখিল গগৈয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰৰ পৰা মুক্তি পালে। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৮ দিন চলা বিচাৰৰ অন্তত অখিল গগৈক দোষমুক্ত ঘোষণা কৰে। ন্যায়াধীশ অচিন্তমল্ল বুজৰবৰুৱাই আজি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। উল্লেখযোগ্য যে যোৱা ছেপ্তেম্বৰ মাহত অখিল গগৈৰ বিৰুদ্ধে মৰাণ আৰক্ষী থানাত ৰাষ্ট্ৰদ্ৰোহৰ এক গোচৰ (180/17) ৰুজু হৈছিল। মৰাণৰ এখন ৰাজহুৱা সভাত চৰকাৰে হিন্দু বাংলাদেশী জাপি দিলে অসমৰ ৰাইজে হাতত অস্ত্ৰ তুলি ল’ব বুলি মন্তব্য কৰাৰ পিছতে এই গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে উক্ত গোচৰৰ যোৱা ১৩ ডিচেম্বৰত অভিযোগনামা দাখিল কৰিছিল। ৰাষ্ট্ৰদ্ৰোহ (Section 124-A) আৰু চৰকাৰৰ বিৰুদ্ধে যুদ্ধ আহ্বান (Section 121) কৰাকে ধৰি তেওঁৰ বিৰুদ্ধে সাতটাকৈ অভিযোগ আৰোপ কৰা হৈছিল। পিছত ন্যায়িক জিম্মাত থকা অৱস্থাতে কৃষক নেতাজনৰ বিৰুদ্ধে কেইবাখনো থানাত বিভিন্নজনে দিয়া গোচৰৰ ভিত্তিত বিতৰ্কিত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ ৰুজু কৰা  হয়। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা অখিল গগৈ বৰ্তমান ডিব্ৰুগড় কাৰাগাৰত কাৰাবন্দী হৈ আছে।