NORTHEAST NOW (Assamese)

ৰীমা দাসৰ বিশ্বজুৰি প্ৰশংসিত অসমীয়া চিনে’মা ‘ভিলেজ ৰকষ্টাৰ্ছ’ ১৫ এপ্ৰিলত প্ৰদৰ্শিত হ’ব ইণ্ডিয়ান ফিল্ম ফেস্তিভেল অৱ লছ এঞ্জেলছত

March 30, 2018 10:47 pm · এন ই নাও নিউজ
Updated: March 31, 2018 6:04 pm

অসমৰ ৰীমা দাসৰ বিশ্বজুৰি প্ৰশংসিত চিনে’মা ‘ভিলেজ ৰকষ্টাৰ্ছ’ অহা ১৫ এপ্ৰিলৰ সন্ধিয়া ৭ বজাত প্ৰদৰ্শিত হ’ব ১৬ সংখ্যক বাৰ্ষিক ইণ্ডিয়ান ফিল্ম ফেস্তিভেল অৱ লছ এঞ্জেলছ (Indian Film Festival of Los Angeles)ত।

‘ধুনু’ নামৰ দহ বছৰীয়া ছোৱালী এজনীৰ ৰক বেণ্ড এটাৰ খোলাৰ সপোনক লৈ চিনে’মাখন নিৰ্মিত হৈছে। লগৰীয়া ল’ৰাকেইটাৰ সৈতে শৈশৱৰ দৌৰা-ঢপৰা, বিধৱা মাকৰ লগত পিঠা বেচি ভাত মোকলোৱাৰ মাজতে কণমানিজনীয়ে সপোন দেখে এদিন তাইৰ এখন নিজা গীটাৰ হ’ব।

পৃথিৱীজুৰি বিভিন্ন চিনে’মা উৎসৱত অগণন দৰ্শক, সমালোচকৰ অন্তৰ চুইছে অসমৰ চিত্ৰগৃহত মুক্তি এতিয়ালৈকে নোপোৱা চিনে’মাখনে।

চিনে’মাখনৰ কাহিনীৰ পৰা আৰম্ভ কৰি কেমেৰা, সম্পাদনা, পৰিচালনা আৰু প্ৰযোজনাও কৰিছে চিনে’মা নিৰ্মাণৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নথকা ৰীমা দাসে। ছয়্গাঁৱৰ গাঁৱলীয়া পৰিৱেশত অপেছাদাৰী অভিনেতা, কণমানি ল’ৰা-ছোৱালীক লৈ চিনে’মাখন নিৰ্মাণ কৰা হৈছে।

২০১৬ চনত বনোৱা ‘Man with the Binoculars’ আছিল ৰীমা দাসৰ প্ৰথম চিনে’মা।

Related News