NORTHEAST NOW (Assamese)
Popular Stories

ৰে’ল সুৰক্ষাৰ বাবে নতুন ৱে’বছাইট মুকলি : নাম গোপনে ৰাখি অসুবিধা জনাব পাৰিব মুখ্য নিৰাপত্তা বিষয়াক

Posted by: এন ই নাও নিউজ February 16, 2018 5:30 pm

ৰে’লত সন্মুখীন যিকোনো অসুবিধা বা সুৰক্ষাজনিত যিকোনো শংকা এতিয়াৰে পৰা ৰে’ল মুখ্য নিৰাপত্তা বিষয়াক নিজৰ নাম নজনোৱাকৈ আৰু গোপনে জনাব পৰা হ’ব।

ৰে’ল মন্ত্ৰ্যালয়ে যাত্ৰীৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ছিমছ (Safety Information Management System) নামৰ এক ৱে’বভিত্তিক সুবিধা বিকাশ কৰিছে।

এই ৱে’বছাইটটো বিকাশৰ ক্ষেত্ৰত ‘প্ৰথমে সুৰক্ষা’ কথাটোত জোৰ দিয়া হৈছে বুলি ৰে’ল মন্ত্ৰ্যালয়ে জনাইছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱে’ই এক প্ৰেছ বিবৃতিত জনায়, ‘এই প্ৰচেষ্টাটোৰ অংশ হিচাপে কৰ্মচাৰীসকলক যিকোনো বিপদজনক কাৰ্য্যকলাপ বা ঘটনা স্বেচ্ছাই জনোৱাৰ বাবে উৎসাহিত আৰু পুৰস্কৃত কৰা হ’ব। সুৰক্ষাজনিত অসুবিধা, শংকা, সম্ভাব্য বিপজ্জনক অৱস্থা, অসুৰক্ষিত কাৰ্য্যকলাপ আৰু অনিচ্ছাকৃত যিকোনো ভুল-ভ্ৰান্তি স্বেচ্ছাই জনোৱাৰ ক্ষেত্ৰত কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ বাবে প্ৰয়োজনীয় গোপনীয়তা ৰক্ষা কৰা হ’ব। যিকোনো অসুবিধাৰ কথা জনাওঁতে ছবি আৰু তথ্যও সংযোগ কৰিব পৰা যাব।’

ৰে’ল দুৰ্ঘটনা সম্পৰ্কীয় যিকোনো তথ্যপাতিও এই ৱে’বছাইটৰ যোগেদি পাব পৰা হ’ব।