NORTHEAST NOW (Assamese)

ৱিলিয়ামনগৰ সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে এন চি পিৰ ক্ৰেনিলা মাৰাকৰ মনোনয়ন পত্ৰ দাখিল

April 10, 2018 6:34 pm · এন ই নাও নিউজ

অহা ২৭ এপ্ৰিলত অনুষ্ঠিত হ’ব  মেঘালয়ৰ ৱিলিয়ামনগৰ বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কালি এন চি পিৰ পৰা ক্ৰেনিলা মাৰাকে মনোনয়ন পত্ৰ দাখিল কৰে।

ক্ৰেনিলা হৈছে  যোৱা ১৮ ফেব্ৰুৱাৰিত উগ্ৰপন্থীৰ হাতত নিহত এন চি পিৰ পূৰ্বৰ প্ৰাৰ্থী প্ৰয়াত জনাথান ছাংমাৰ পত্নী।

অহা ১১ এপ্ৰিলত তেওঁৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব বুলি জানিবলৈ দি মেঘালয়ৰ মুখ্য নিৰ্বাচনী বিষয়া এফ আৰ খাৰকংগৰে কয় যে ১৩ এপ্ৰিল হৈছে মনোনয়ন পত্ৰ উঠাই লোৱাৰ অন্তিম দিন।

আগন্তুক উপ নিৰ্বাচনটোত ক্ৰেনিলা মাৰাকে তেওঁৰ পতি জনাথান ছাংমাৰ স্থানত প্ৰতিদ্বন্দ্বিতা কৰিব।

উল্লেখযোগ্য যে ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত মেঘালয় বিধানসভা নিৰ্বাচনত বাকী ৫৯টা সমষ্টিৰ সৈতে ৱিলিয়ামনগৰ সমষ্টিতো নিৰ্বাচন হ’বলগীয়া আছিল, কিন্তু উগ্ৰপন্থীৰ হাতত সমষ্টিটোৰ এন চি পি প্ৰাৰ্থী জনাথান ছাংমা নিহত হোৱাত উক্ত নিৰ্বাচন ২৭ এপ্ৰিললৈ পিছুৱাই দিয়া হয়।

জানিব পৰা মতে, ২৭ এপ্ৰিলত হ’ব লগীয়া উক্ত উপ নিৰ্বাচনটোত ক্ৰেনিলাকে ধৰি মুঠ ৯গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।

ৱিলিয়ামনগৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক হৈছে কংগ্ৰেছৰ ডেবৰাহ চি মাৰাক।

 

Related News