NORTHEAST NOW (Assamese)
Popular Stories

এয়াৰটেলে বৃদ্ধি কৰিব ডাটাৰ মূল্য : কিমান বৃদ্ধি পাব ? কি ক’লে এয়াৰটেলে ? চাওক…

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 26, 2020 8:44 pm
Airtel Thanks app launched in Assamese

এয়াৰটেল গ্ৰাহকলৈ দুঃখবৰ, এয়াৰটেলে ইয়াৰ ডাটা পেকৰ মূল্য বৃদ্ধি কৰিব।

১ জিবি এয়াৰটেল ডাটাৰ মূল্যৰ বাবে গ্ৰাহকে ভৰিব লাগিব ১০০ টকাকৈ!

এই ইঙ্গিত দিছে ভাৰতীয় এয়াৰটেলৰ চেয়াৰমেন সুনীল মিট্টালে।

মিট্টালে এই ইঙ্গিত দি কয় যে প্ৰতিষ্ঠানটোৱে আগন্তুক ছমাহৰ ভিতৰত কেবাটাও টেৰিফৰ মূল্য বৃদ্ধি কৰিব।

আনকি তেওঁ এয়াৰটেলৰ গ্ৰাহকসকলক এই অতিৰিক্ত খৰচৰ বাবে সাজু থাকিবলৈও আহ্বান জনাইছে।

মিট্টালৰ মতে ১৬০ টকাৰ ১৬ জিবিৰ ডাটাৰ সলনি ইউজাৰে ১.৬০ জিবিহে পোৱা উচিত।

অৰ্থাৎ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ১ জিবি ডাটাৰ বাবে ১০০ টকা নিৰ্ধাৰণ কৰাৰ চিন্তা চৰ্চা কৰিছে ভাৰতী এয়াৰটেলে।

“প্ৰতি মাহে ১.৬ জিবি ডাটাৰ বাবে ১৬০ টকা অথবা আৰু অধিক খৰচ কৰিবলৈ সাজু হওক। আমি আমেৰিকা বা ইউৰোপৰ গ্ৰাহকৰ দৰে চাৰে চাৰি হাজাৰ টকা দি থাকিব নোৱাৰিম। সেয়ে ১৬০ টকাত ১৬ জিবি ডাটা দিয়া আৰু সম্ভৱ নহয়।” সুনীল মিট্টালে কয়।

উল্লেখ্য যে দেশত লকডাউনৰ অব্যহাত থকাৰে পৰা ইন্টাৰনেট ব্যৱহাৰৰ হাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।

আনহাতে অনলাইন ক্লাছৰ বাবে শিক্ষাৰ্থীসকলৰ মাজতো প্ৰতিনিয়ত ইন্টাৰনেট ব্যৱহাৰ বৃদ্ধি পাইছে।

ইয়াৰ ফলত নিজৰ মাজতে প্ৰতিযোগিতাত নামি টেলিকম প্ৰতিষ্ঠানবোৰে ডাটা প্লেনৰ মূল্য হ্ৰাস কৰাহে পৰিলক্ষিত হৈছিল।

তেনে সময়তে ভাৰতী এয়াৰটেলৰ চেয়াৰমেন সুনীল মিট্টালে মূল্য বৃদ্ধিৰ সমৰ্থনত কয় যে কম মূল্যতে অধিক ডাটা দীৰ্ঘ দি থকাতো সম্ভৱ নহয়।