NORTHEAST NOW (Assamese)
অসম

ডিমাপুৰত বিস্ফোৰণত এগৰাকী লোকৰ মৃত্যু, চাৰি গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 8, 2020 6:50 pm

মঙলবাৰে ডিমাপুৰস্থিত য়ুনাইটেড নৰ্থ ব্লকস্থিত কলনিত দুৰ্ভাগ্যজনকভাৱে সংঘটিত হোৱা বিস্ফোৰণত এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে চাৰিগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

মঙলবাৰে দুপৰীয়া প্ৰায় ২ বজাত ডিমাপুৰৰ য়ুনাইটেড নৰ্থ ব্লকস্থিত কলনিত বিস্ফোৰণটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোক সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ডিমাপুৰ আৰক্ষীৰ ভাষ্য অনুসৰি, প্ৰাথমিক তদন্তত লোহাৰ কাম কৰা এগৰাকী লোকে সন্দেহযুক্ত বোমা সদৃশ এটা বস্তু হাতুৰীৰে ভাঙিব চেষ্টা কৰাৰ সময়তে বিস্ফোৰণটো সংঘটিত হয়।

বিস্ফোৰণটোৰ ফলত এগৰাকী লোকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে চাৰি গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত হোৱা লোক কেইগৰাকীৰ ভিতৰত এগৰাকী মহিলাও আছে।