NORTHEAST NOW (Assamese)
অসম

বজাৰত আপুনি এতিয়াই ক্ৰয় কৰিব পৰা ১০ টা আটাইতকৈ দামী স্কটছ্

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 19, 2019 11:04 am
RS & IB

নিজকে ৰঙীণ কৰি তোলাৰ হেঁপাহ জাগিছে? ইয়াৰ কেইটোপালমান সেৱন কৰিয়েই আপুনি সপোন ৰাজ্যত ডুবি যাব পাৰে।

এতিয়া বজাৰত উপলব্ধ হৈছে এনে কেইটামান দামী স্কটছ। আপুনি যদি অকনমান অনাবিল আনন্দৰ সুযোগ বিচাৰিছে, ই হ’ব পাৰে আপোনাৰ অত্যন্ত ভাল সংগী!

১.The Macallan 15 Year Old 1947 (bottled 1962) Fine & Rare

দ্য মেকালন ফাই এণ্ড ৰেয়াৰ ৰেঞ্জে আগবঢ়াইছে সুৰা কাৰখানাৰ আটাইতকৈ পুৰণি সাঁচতীয়া এই ১৫ বছৰ পুৰণি এক বিশেষ আকৰ্ষণীয় সম্ভাৰ।এই স্কটছ বিধ ১৯৪৭ চনৰ পৰাই প্ৰতিটো দশকতে সজীৱ ৰূপত বৰ্তি আছে।

বজাৰত ইয়াৰ মূল্য হৈছে £20,895.95,অৰ্থাৎ ভাৰতীয় টকাৰ মূল্যত ১৮,০৬,৬২২.৪৯টকা।

View this post on Instagram

A post shared by @wines_lifestyle

২. Dalmore 50 Year Old (newest release)

সুৰা কাৰখানাৰ বাবে কাম কৰা ডালম’ৰৰ মাষ্টাৰ ডিষ্টিলাৰ ৰিচাৰ্ড পেটাৰছনৰ ৫০ সংখ্যক বাৰ্ষিকী উদযাপনৰ সময়ত মুকলি কৰা এইটো তেওঁ নিজ হাতে কাম কৰা এবিধ অতুলনীয় সুৰা।

ডমাইন হেনৰী গিৰাউডৰ পৰা চেম্পেইনৰ পিপাত ৫০ দিনৰ বাবে মজিবলৈ দিয়াৰ আগতে ইয়াক বিভিন্ন প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰাহয়।

বজাৰত ইয়াৰ মূল্য হৈছে £50,000,অৰ্থাৎ ভাৰতীয় টকাৰ মূল্যত ৪৩,২২,৮০৭.১৯ টকা।

৩. Johnnie Walker Blue Label 1805 Celebration

প্ৰায় ৪৫-৭০ বছৰ পুৰণি এই ব্লেণ্ডটো হুইস্কিৰ পৰা প্ৰস্তুত কৰি তোলা হৈছে।গতিকে, আপুনি বুজিছেই যে আপুনি এটা ভাল সোৱাদ লাভ কৰিব।

‘জনী ৱাকাৰ’ ব্ৰেণ্ডৰ ২০০সংখ্যক বাৰ্ষিকী উদযাপনৰ বাবে ইয়াক মুকলি কৰা হৈছে আৰু তেওঁলোকৰ কিছুমান আটাইতকৈ উকৃষ্ট পানীৰ পৰা প্ৰস্তুত কৰা হৈছে।

ইয়াৰ মাত্ৰ ২০০ টা বটলহে মুকলি কৰি দিয়া হৈছে।

বজাৰত ইয়াৰ মূল্য হৈছে £20,000,অৰ্থাৎ ভাৰতীয় টকাৰ মূল্যত ১৭,২৯,০৭২.৫১টকা।

৪. The Macallan In Lalique 65 Year Old

মেকালান ছিক্স পিলাৰ কালেকশ্যনত এইটো শেহতীয়া প্ৰস্ততি আৰু চূড়ান্ত পৰ্যায়ত ইয়াক এটা সুন্দৰ বটলত মুকলি কৰা হ’ব।

বটলটো অতি ধুনীয়া আৰু ভিতৰত আছে এক বিশুদ্ধ গুণৰ পানীয়। এইবিধ সুৰা ৬৫ বছৰ পুৰণি আৰু মেকালানৰ এবিধ বিৰল সুৰা।

বজাৰত ইয়াৰ মূল্য হৈছে £49,995.00,অৰ্থাৎ ভাৰতীয় টকাৰ মূল্যত ৪৩,২০,৬১৮.৭৪টকা।

৫. Mortlach 1935 75 Year Old

গৰ্ডন এণ্ড মেকফাইলে প্ৰস্তুত কৰা বটলটো এতিয়ালৈকে মুকলি হোৱা এবিধ আটাইতকৈ পুৰণি হুইস্কি বুলি ভৱা হৈছে।ইয়াৰ মাত্ৰ ১০০ টা সুৰাৰ বটলহে মুকলি কৰা হৈছে।

ই যেনেকৈ অতুলনীয় পুৰণি, সেইদৰে ই অতুলনীয়ভাৱে বিৰলো।ইয়াৰ মূল্যটোৱে হয়তো ইয়াৰ পৰিচয়ৰ আভাস দিব।

বজাৰত ইয়াৰ মূল্য হৈছে £22,500,অৰ্থাৎ ভাৰতীয় টকাৰ মূল্যত ১৯,৪৪,৫৬৮.৮৭টকা।

৬. Tamdhu 50 Year Old

ইয়ান মেকলয়ড ডিষ্টিলাৰ্ছ ৰ ১২০ সংখ্যক বাৰ্ষিকী উদযাপনত মুকলি কৰিবলৈ লোৱা টামধু ডিষ্টিলাৰীৰ এই বিধৰ মূল্য যিমান তাৰ গুণাগুণো সিমান।

পুৰণিয়েই নহয়, অতুলনীয় সংমিশ্ৰনেৰে ই এক দুৰ্লভ পানীয়। ওক কাঠৰ নিৰ্মিত সুন্দৰ বটলত ৰূপালী প্লেট লগোৱা বিলাসী বসনত ইয়াৰ আকৰ্ষণেই হৈ পৰিছে সুকীয়া।

বজাৰত ইয়াৰ মূল্য হৈছে £16,000,অৰ্থাৎ ভাৰতীয় টকাৰ মূল্যত ১৩,৮২,১১২.০০টকা।

View this post on Instagram

A post shared by Dr. Christopher White (@edinburghwhisky)

৭. Balvenie 43 Year Old 1972

বেলভেনি’ৰ ডি চি এছ সংগ্ৰহৰ ই এবিধ পুৰষ্কাৰ প্ৰাপ্ত সুৰা। ১৯৭২ চনৰ প্ৰথম ইয়াক প্ৰস্তুত কৰা হৈছিল আৰু ইয়াৰ পাছত ২০১৬ত ইয়াক বটলত মুকলি কৰা হয়।

ইয়াৰ এতিয়ালৈকে মাত্ৰ ৯৩ টা বটলহে মুকলি কৰা হৈছে। আপুনি যদি কিনিব খোজে বা চেষ্টা কৰে খৰধৰ কৰা ভাল হ’ব।

বজাৰত ইয়াৰ মূল্য হৈছে £16,000,অৰ্থাৎ ভাৰতীয় টকাৰ মূল্যত ১৩,৮২,১১২.০০টকা।

৮. Glenmorangie Pride 1974

হাইলেণ্ডৰ পৰা অহা এই সুৰা বিধ তালিকাৰ আটাইতকৈ দামী নহ’ব পাৰে, কিন্তু নিশ্চিতভাৱে ই এবিধ আকৰ্ষণীয় মদিৰা। ৪১ বছৰ ধৰি ইয়াক মজিবলৈ দি প্ৰস্তুত কৰা হৈছে পানীয়বিধ।

তালিকাৰ আন আন দামী সুৰাসমূহৰ দৰে ইয়াকো এটা সুন্দৰ বটলত ভৰাই আকৰ্ষণীয় কৰি তোলা হৈছে।

বজাৰত ইয়াৰ মূল্য হৈছে £7,200,অৰ্থাৎ ভাৰতীয় টকাৰ মূল্যত ৫,১২,৩৩৬.১৬টকা।

৯. Tullibardine 1952

টুলিবাৰডাইন ডিষ্টিলাৰী ১৯৪৯ চনত প্ৰতিষ্ঠা হৈছিল আৰু এই হুইস্কিবিধ প্ৰায় তিনি বছৰ পাছত প্ৰস্তুত কৰা হৈছিল আৰু চেৰী কেস্কত সম্পূৰ্ণ কৰা হৈছিল।

কাৰখানাটোৰ উপলব্ধ এইটো হৈছে আটাইতকৈ পুৰণি সুৰা আৰু মাত্ৰ মাত্ৰ ৭০টা বটলহে প্ৰস্তুত কৰা হৈছিল।

এটা সুন্দৰ আকৰ্ষণীয় বটলত ৰখা এই সুৰা বিধ বিৰল সোৱাদৰ বুলি প্ৰকাশ।

বজাৰত ইয়াৰ মূল্য হৈছে £20,000,অৰ্থাৎ ভাৰতীয় টকাৰ মূল্যত ১৭,২৯,০৭২.৫১ টকা।

View this post on Instagram

A post shared by Scottish Brands (@scottishbrands)

১০. The Balvenie 46 Year Old

বেলভেনিৰ এই সুৰা বিধ মাষ্টাৰ ডিষ্টিলাৰ ডেভিড চি ষ্টিৱাৰ্ট’ছ ৰ ডিষ্টিলাৰীৰ সৈতে ৫০ সংখ্যক বাৰ্ষিকী সম্পন্ন কৰা উপলক্ষে কৰা উদযাপনত মুকলি কৰা হৈছে।

ইয়াৰ মাত্ৰ ৬৮ টা বটলহে বৰ্তমান মুকলি হৈছে। তালিকাৰ আন আন সুৰা কেইবিধৰ সৈতে তুলনা নকৰি এইবিধক অৱশ্যেই জুতি ল’বলগীয়া মদিৰা হিচাপে আপুনি সংগ্ৰহ কৰিব পাৰে।

বজাৰত ইয়াৰ মূল্য হৈছে £19,000,অৰ্থাৎ ভাৰতীয় টকাৰ মূল্যত ১৬,৪৪,০৮৮.৬৯ টকা।