NORTHEAST NOW (Assamese)
দেশ

উত্তৰ প্ৰদেশত অঘটন: নদীত ডুব গ’ল ১০ গৰাকী লোক, এতিয়াও ওলোৱা নাই সন্ধান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 4, 2022 10:45 pm
10 people drown In river

দুৰ্গোৎসৱৰ আনন্দৰ মাজতে উত্তৰ প্ৰদেশৰ আজি সংঘটিত হৈছে দুটাকৈ শোকাৱহ দুৰ্ঘটনা। ৰাজ্যখনৰ লক্ষ্ণৌ আৰু কানপুৰ চহৰত সংঘটিত হোৱা দুটা পৃথক দুৰ্ঘটনাত আজি নদীত ডুব গৈছে ১০ গৰাকীকৈ লোক।

লক্ষ্ণৌৰ গোমতী নদীত মূৰ্তি বিসৰ্জনৰ বাবে যোৱা সময়তে এখন নাও ভাৰসাম্য হেৰুৱাই উলটি যোৱাৰ ফলত নাওখনত থকা চাৰিগৰাকী যুৱক নদীত পৰি যায়।

আনহাতে কানপুৰৰ বিলহাউৰত চাৰিগৰাকী কিশোৰীসহ ছয়গৰাকী লোক নদীত ডুব যোৱাৰ খবৰ পোৱা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি কিশোৰী কেইগৰাকী নদীত ডুব যোৱাৰ পিছতে তেওঁলোকক উদ্ধাৰৰ বাবে দুগৰাকী যুৱক নদীত জাঁপ দিয়ে।

কিন্তু কিশোৰী কেইগৰাকীৰ লগতে যুৱক দুগৰাকীও ঘটনাৰ বহু সময় পিছতো পাৰলৈ উঠি নহাত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে জানিবলৈ দিয়া মতে দুয়োটা ঘটনাস্থলীতে উদ্ধাৰ অভিযান চলাই থকা হৈছে।

অৱশ্যে এইপৰ্যন্ত দুৰ্ঘটনাত নিখোঁজ হোৱা এগৰাকী ব্যক্তিৰো সন্ধান পোৱা নাই বুলি আৰক্ষীয়ে লগতে কয়।