NORTHEAST NOW (Assamese)
অসম

গোলাঘাটৰ দহমাইলখুঁটিত ১০ টা বান্দৰসহ দুটা বিৰল প্ৰজাতিৰ চৰাই উদ্ধাৰ : ৩ জনক আটক

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন March 16, 2021 6:04 pm
IMG_20210316_171532

গোলাঘাট ঘিলাধাৰী আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰিৰ দহমাইলখুঁটিত আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত ১০ টাকৈ বান্দৰ আৰু ২ টা বিৰল প্ৰজাতিৰ চৰাই উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে এ এচ ০১- ই এ ৪৭০৭ নম্বৰৰ এখন স্ক’ৰপিঅ’ গাড়ীত মণিপুৰৰ ইম্ফলৰ পৰা সুদূৰ চেন্নাইলৈ লৈ যোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীকেইটা।

সমগ্ৰ ঘটনাৰ লগত জড়িত থকা তিনিজন লোককো আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। আটকাধীন লোক কেইজন হৈছে ক্ৰমে অৰ্জুন আগৰৱালা (তামিলনাডু), মহম্মদ ফাৰুক (ইম্ফল) আৰু আইচ খান (মণিপুৰ)।

ইফালে ঘটনা সন্দৰ্ভত ঘিলাধাৰী আৰক্ষীয়ে জামুগুৰি বন বিভাগক খবৰ দিয়াত বনবিভাগৰ লোক আহি উপস্থিত হয় আৰু আৰক্ষীয়ে বন্যপ্ৰাণী কেইটা বনবিভাগক গতাই দিয়ে।

উল্লেখ্য যে বনবিভাগৰ সূত্ৰ অনুসৰি ক্ৰমে নিঃশেষ হবলৈ লোৱা এই বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীকেইটা কেৱল ব্ৰাজিল আৰু দক্ষিণ আমেৰিকাতহে পোৱা যায়।