NORTHEAST NOW (Assamese)

দিল্লীত বিজেপি চৰকাৰৰ ১০০ দিন : কি ক’লে মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু আম আদমী পাৰ্টিয়ে?

May 31, 2025 2:32 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: May 31, 2025 3:18 pm

দিল্লীত বিজেপি চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ উপলক্ষে ‘১০০ দিন সেৱা কে কাৰ্যসূচীত অংশগ্ৰহণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই।

এই কাৰ্যসূচীত তেখেতে দিল্লীৰ পূৰ্বৰ আম আদমী পাৰ্টিৰ চৰকাৰক লক্ষ্য কৰি সমালোচনা কৰে। একে সময়তে আম আদমী পাৰ্টিয়ে দিল্লীত বিজেপি চৰকাৰৰ ১০০ দিনক ‘বিজেপিৰ বিফলতাৰ ১০০ দিন বুলি অভিহিত কৰিছে।

‘১০০ দিন সেৱা কে’ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে, “ৰামলীলা ময়দানৰ পৰা যেতিয়া আন্দোলন আৰম্ভ হৈছিল, তেতিয়া হাজাৰ হাজাৰ লোকে তাত যোগদান কৰিছিল, তেতিয়া মানুহে সেই গোটটোক সমৰ্থন কৰিছিল। তেওঁলোকে ভাবিছিল হয়তো দিল্লীত কিবা এটা ভাল হ’ব। যিসকল মানুহে আগতে কৈছিল যে আমাৰ ক্ষমতাৰ লোভ নাই, তেওঁলোক ইমানেই লোভী হৈ পৰিল যে ক্ষমতাৰ বাহিৰে একো দেখা নাপালে। এখন ৰাজ্যত ক্ষমতা পাই আন এখন ৰাজ্যৰ ফালে দৌৰি গ’ল।”

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাইও তেওঁৰ চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ এক কৰ্মপুস্তিকা প্ৰকাশ কৰিছে। তেওঁ কয় যে তেওঁৰ চৰকাৰে ২৪ ঘন্টাই জনসাধাৰণৰ সেৱা কৰি আছে।

দিল্লীত বিজেপি চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ লগে লগে আম আদমি পাৰ্টিৰ কৰ্মীসকলে মহিলাৰ বাবে ২৫০০ টকাৰ মাহিলী আঁচনি ৰূপায়ণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।আম আদমী পাৰ্টিয়ে ইনষ্টাগ্ৰামত বিজেপিক টাৰ্গেট কৰি পোষ্ট কৰে, “বিজেপি চৰকাৰে বিধৱা আৰু বৃদ্ধৰ পেঞ্চন বন্ধ কৰি তেওঁলোকৰ সন্মানীয় জীৱন যাপনৰ অধিকাৰ কাঢ়ি লৈ ​​গৈছে।”

Related News