NORTHEAST NOW (Assamese)
অসম

অ’ এন জি চিৰ বিৰুদ্ধে জনোৱা ১০০ ঘণ্টীয়া বন্ধ প্ৰত্যাহাৰ কৰিলে আছুৱে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 28, 2019 9:39 pm
ONGC appeals to withdraw 48 hours bandh

তৈলক্ষেত্ৰৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি আছুৱে অ’ এন জি চিৰ বিৰুদ্ধে আহ্বান জনোৱা ১০০ ঘণ্টীয়া বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰে।

প্রশাসন আৰু অ’ এন জি চিৰে হোৱা আলোচনাৰ পিছত আছুৱে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।

প্রশাসন-অ’ এন জি চি আৰু আছুৰে হোৱা বৈঠকত অ’ এন জি চি কৰ্তৃপক্ষই গেলেকী তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কৰা নহয় বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

লগতে পঢ়ক http://তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতাত আছুৱে বন্ধ কৰি দিলে অ’ এন জি চিৰ সকলো কামকাজ

ইয়াৰ পিছতে আছুৱে ১০০ ঘণ্টীয়া বন্ধ স্থগিত ৰাখে। লগতে এন আৰ চি প্ৰকাশৰ সময়ত যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি আছুৱে ১০০ ঘণ্টীয়া বন্ধ স্থগিত ৰাখে।

উল্লেখযোগ্য যে গেলেকী তৈলক্ষেত্ৰকে ধৰি বিভিন্ন তৈলক্ষেত্ৰ স্লাম বাৰ্জাৰৰ দৰে ব্যক্তিগতখণ্ডৰ কোম্পানিক হস্তান্তৰ কৰা, থলুৱাৰ নিয়োগ বন্ধ কৰা আৰু আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত তেল আৰু গেছ কোম্পানিটোৰ অসমবিৰোধী স্থিতিৰ বিৰোধিতাত ছাত্ৰ সংগঠনটোৱে এই বন্ধৰ আহ্বান জনাইছিল।