NORTHEAST NOW (Assamese)
অসম

অ’ এন জি চিয়ে মানি ল’লে দাবী; আটাছুৰ ১০০ ঘণ্টীয়া বন্ধ সাময়িকভাৱে স্থগিত

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ September 25, 2019 12:04 pm

সদৌ টাই আহোম ছাত্ৰ সন্থা, শিৱসাগৰ জিলা সমিতিয়ে ২৪ ছেপ্তেম্বৰৰ পৰা আহ্বান জনোৱা ১০০ ঘণ্টীয়া অ’এন জি চি বন্ধ সাময়িকভাৱে স্থগিত ৰাখে।

মঙ্গলবাৰে অৰ্থাৎ ২৪ ছেপ্তেম্বৰৰ সন্ধিয়া আটাছু, শিৱসাগৰ জিলা প্ৰশাসন আৰু অ’ এন জি চি কৰ্তৃপক্ষৰ মাজত হোৱা ত্ৰিপাক্ষীক আলোচনাৰ অন্তত এই সিদ্ধান্ত লয় আটাছুৱে। আলোচনাত সংগঠনটোৱে উত্থাপন কৰা চাৰিটা দাবীৰে তিটা দাবী মানি লয় অ’ এন জি চিয়ে।

সংগঠনটোৱে উত্থাপন কৰা দাবী কেইটা আছিল তৈল ক্ষেত্ৰ ব্যক্তিগতকৰণ বন্ধ কৰা, অ’এনজিচি অসম সম্পদৰ মুখ্য কাৰ্যালয় নাজিৰাৰ পৰা অন্য স্থানলৈ হস্তান্তৰ কৰাটো বন্ধ কৰা, শিৱসাগৰ জিলাৰ দৰিদ্ৰ মেধা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বছৰেকীয়া বিশেষ জলপানিৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু আহোম অধ্যুষিত অঞ্চলৰ শিক্ষিত নিবনুৱাসকলৰ বাবে এককালীন সাহায্য পুঁজিৰ ব্যৱস্থা কৰা।

আলোচনাকালত সংগঠনটোৱে উল্লেখ কৰা উক্তা দাবী কেইটা মানি লোৱাৰ বিপৰীতে চিভিলৰ এ আৰ চি কামৰ নিবিদা শীঘ্ৰে বন্ধ কৰাৰ যি  দাবী উত্থাপন কৰিছিল তাৰ বাবে অ’ এন জি চি কৰ্তৃপক্ষই চাৰি দিন সময় বিচাৰে।

আলোচনাৰ অন্তত সংগঠনটোৱে ১০০ ঘণ্টীয়া বন্ধ কাৰ্যসূচী স্থগিতা ৰাখে। আজিৰে পৰা অ’এনজিচিৰ তৈল ক্ষেত্ৰ সমূহৰ লগতে কাৰ্যালয়ৰ কামকাজ পূৰ্বৰ দৰে চলিছে।