NORTHEAST NOW (Assamese)
Popular Stories

মেঘালয়ত আৱিষ্কাৰ হ’ল ১০০ মিলিয়ন বছৰ পূৰ্বৰ ডাইনোচৰৰ হাঁড়ৰ ফচিল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 5, 2021 4:55 pm

কমেও ১০০ মিলিয়ন বছৰৰ পূৰ্বৰ ডাইনোচৰৰ হাঁড় আৱিষ্কাৰ হৈছে মেঘালয়ত।

ৰাজ্যখনৰ পশ্চিম খাচি পাহাৰ জিলাত এদল গৱেষকে ডাইনোচৰৰ হাঁড়সমূহৰ ফচিল লাভ কৰিছে।

জিঅ’ল’জিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ (জিএছআই) এদল গৱেষকে আৱিষ্কাৰ কৰা ডাইনোচৰৰ হাঁড়সমূহ তিতানোচৰীয়ান (Titanosaurian) পৰিয়ালৰ চাউৰোপ’ড (sauropod) প্ৰজাতিৰ বুলি চিনাক্ত কৰিছে।

গৱেষকসকলে কয় যে এইধৰণৰ ডাইনোচৰৰ অৱশিষ্ট উত্তৰ পূৱত প্ৰথমবাৰৰ বাবে পোৱা গৈছে।

ইয়াৰ পূৰ্বে ভাৰতৰ কেৱল গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত এইধৰণৰ আৱিষ্কাৰ হৈছিল।

আৱিষ্কাৰটোত ২৫ডালতকৈও অধিক হাঁড়ৰ ভগ্নাংশ পোৱা গৈছে।

উল্লেখযোগ্য যে চাউৰোপ’ড প্ৰজাতিৰ ডাইনোচৰবিধৰ ডিঙি আৰু নেজ দীঘল, কিন্তু বিশাল শৰীৰৰ অনুপাতে মুখমণ্ডল সৰু।

প্ৰজাতিবিধৰ চাৰিওটা ভৰি একোটা স্তম্ভৰ দৰে বৃহৎ।