NORTHEAST NOW (Assamese)

কেন্দ্ৰৰ নতুন নিৰ্দেশনা: ১ ফেব্ৰুৱাৰীৰ পৰা ১০০ শতাংশ দৰ্শকেৰে চলাব পাৰিব দেশৰ ছবিগৃহসমূহ

January 31, 2021 9:02 am · এন ই নাও নিউজ
Updated: January 31, 2021 9:05 am

কোভিডৰ ভেকচিন সৰ্বসাধাৰণ লোকৰ বাবে উপলদ্ধ হোৱাৰ সমাভান্তৰাল ভাবে দেশ এতিয়িা ক্ৰমাগত ভাবে কমি আহিছে কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা।

এনে পৰিস্থিতিত চৰকাৰেও কোভিড প্ৰ’চোকল সমূহ লাহে লাহেএ শিথিল কৰিবলৈ লৈছে।

সেই মৰ্মে  ১ ফেব্ৰুৱাৰীৰ পৰা  দেশৰ ছবিগৃহসমূহত ১০০ শতাংশ দৰ্শকৰ উপস্থিতিৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা নতুন কোভিড প্ৰ’টোকল অনুসৰি কেতবোৰ বিশেষ বিধি মানি অহা ১ ফেব্ৰুৱাৰীৰ পৰা দেশৰ ছবি ঘৰ সমূহ ১০০ শতাংশ দৰ্শকেৰে চলাব পৰা যাব।

উল্লেখ্য শাসকীয় দলৰ বিভিন্ন সভা-সমিতিত হাজাৰ হাজাৰ লোকৰ সমাগম হোৱাৰ সময়তে কোভিড প্ৰ’টোকলৰ দোহাই দি দেশৰ ছবিগৃহ সমূহত মাত্ৰ ৫০ শতাংশ দৰ্শকহে উপস্থিত থাকিব পাৰিব বুলি কেন্দ্ৰই পূৰ্বে জাৰি কৰা নিৰ্দেশনাকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

বহুতে এই বুলি প্ৰশ্ন কৰিছিল যে বিজেপিৰ সভাৰ ক্ষেত্ৰত কোভিড প্ৰ’টোকল প্ৰযোজ্য নহয় নেকি?

এনে বিতৰ্কৰ মাজতে কেন্দ্ৰই দেশৰ ছবিঘৰ সমূহতো ১০০ শতাংশ দৰ্শক উপস্থিত থাকিব পাৰিব বুলি নতুন নিৰ্দেশনা জাৰি কৰে।

নতুন নিৰ্দেশনা ছবিগৃহত উপস্থিত থকা লোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে ছবিঘৰৰ বাহিৰত মানুহে কমেও ৬ ফুট দূৰত্ব বজাই ৰাখিব লাগিব বুলি কোৱা হৈছে।

য’তে-ত’তে থু-খেকাৰ পেলোৱাও নিষিদ্ধ কৰা হৈছে।

Related News