NORTHEAST NOW (Assamese)
Popular Stories

মাত্ৰ ১০ টা দিনতে কৰোনাত আক্ৰান্ত হৈছে ৯ বছৰৰ অনুৰ্ধৰ ১ হাজাৰো অধিক শিশু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 16, 2021 4:29 pm
index

সমগ্ৰ দেশতে ভয়ংকৰ ৰূপ ধাৰণ কৰা কৰোনাই এখন ৰাজ্যত মাত্ৰ ১০ টা দিনতে ১০০০ৰো অধিক শিশুৰ শৰীৰত বাহৰ পাতিছে।

উত্তৰাখণ্ড চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত যোৱা ১০ দিনত ৯ বছৰৰ অনুৰ্ধৰ ১০০০ৰো অধিক শিশু কৰোনাত আক্ৰান্ত হৈছে।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি যোৱা বছৰটোত ৰাজ্যখনত ২,১৩১ গৰাকী ৯ বছৰ অনুৰ্ধৰ শিশু কৰোনা আক্ৰান্ত হ’লেও এইবাৰ এই সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।

তথ্য অনুসৰি চলিত বছৰৰ ১ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ ২৬৪ গৰাকী শিশু কৰোনাত আক্ৰান্ত হ’লেও ইয়াৰ পিছতে এই হাৰ আৰু বৃদ্ধি পাইছে।

যোৱা ১৬ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ কৰোনাক্ৰান্ত শিশুৰ সংখ্যা হৈছে ১,০৫৩ গৰাকী আৰু যোৱা ১ মে’ৰ পৰা ১৪ মে’লৈ কৰোনাক্ৰান্ত সংখ্যা পূৰ্বতকৈ বৃদ্ধি হৈ হৈছে ১,৬১৮ গৰাকী।

ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি উত্তৰাখণ্ডত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হৈছে ৭৯,৩৭৯ গৰাকী আৰু কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪,৪২৬ গৰাকী লোকৰ।