NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ১০০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে আনন্দৰাম বৰুৱা বঁটা

Posted by: পাৰ্শ্বজ্যোতি গগৈ February 26, 2019 5:42 pm
শিৱসাগৰত ১০০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে আনন্দৰাম বৰুৱা বঁটা

শিৱসাগৰ জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজি জিলাখনৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক ২০১৮ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। এইবাৰ জিলাখনৰ ১০০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই বঁটা লাভ কৰিছে।

শিৱসাগৰ নগৰৰ নাট্য মন্দিৰত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি শক্তি মন্ত্ৰী (স্বতন্ত্ৰ) তথা গড়কপ্তানি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈ আৰু যোৰহাট লোকসভা সমষ্টিৰ সংসদ কামাখ্যা প্ৰসাদ তাছাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত লেপটপ আৰু ইন্টাৰনেট সংযোগৰ বাবে ছিম বিতৰণ কৰাৰ লগতে তেওঁলোকক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানতে মানৱ সম্পদ মন্ত্ৰ্যালয়ৰ উদ্যোগত স্বচ্চতাৰ ভিত্তিত বাচনি কৰা ৩খন বিদ্যালয় ক্ৰমে মহেন্দ্ৰ চাহ জনজাতি এল পি স্কুল, ধাই আলি জয়াপাৰ এম ভি স্কুল আৰু ৪৯৪ নং ভেকালাই এল পি স্কুলক নিৰ্মল বিদ্যালয় বঁটা প্ৰদান কৰা হয়। তদুপৰি এইবাৰ জিলাখনৰ ভিতৰত সৰ্বাধিক সংখ্যক আনন্দৰাম বৰুৱা বঁটা লাভ কৰা চাৰিখন বিদ্যালয় ক্ৰমে হ’লিনেম হাইস্কুল, ছ’ফি মাৰ্ছি মেম’ৰিয়েল স্কুল, বৰপাত্ৰ দ’ল উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ফুলেশ্বৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক সম্বৰ্দ্ধনা জনোৱা হয়।

শিৱসাগৰৰ জিলা উপায়ুক্ত ড০ এছ লক্ষ্মণনে সভাপতিত্ব কৰা অনুষ্ঠানটোত জিলা শিক্ষা বিষয়া, বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যলয়ৰ অধ্যক্ষ, অধ্যাপক ছাত্ৰ-ছাত্ৰী আৰু বহু সংখ্যক অভিভাৱক উপস্থিত থাকে।