NORTHEAST NOW (Assamese)
অসম

মৃত্যুক পৰাজিত কৰি কৰ’না যুদ্ধত জয়ী হ’ল ১০১ বছৰীয়া বৃদ্ধ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 28, 2020 12:17 pm
sukkur-quarantine

কৰ’না ভাইৰাছৰ সংহাৰে বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰিছে। দিনে দিনে বৃদ্ধি পাব লাগিছে মৃত্যুৰ সংখ্যা। কৰ’না আতংকই এই সময়ত সকলোকে খেদি ফুৰিছে।

এনে এক সময়তে কৰ’নাই বিধ্বস্ত কৰি তোলা ইটালীত দেখা গ’ল আশাৰ কিৰণ।

যিসময়ত সমগ্ৰ বিশ্বত কৰ’নাৰ ফলত অধিক সংখ্যক বয়সস্থ লোকৰ মৃত্যু হৈছে সেই সময়ত ইটালীৰ ৰিমিনি চহৰত কৰ’নাক পৰাজিত কৰি জীৱনযুদ্ধত জয়ী হৈছে এগৰাকী ১০১ বছৰীয়া বৃদ্ধ।

ছচিয়েল মিডিয়াৰ জৰিয়তে এই খৱৰ বিয়পি পৰাৰ পাছতেই আক্ৰান্ত পৃথিৱীত নতুন উদ্যমে ঠন ধৰি উঠিছে।

ৰিমিন চহৰৰ ডেপুটি মেয়ৰ গ্ল’ৰিয়া চিলিয়ে কয়, ‘’যোৱা ১৯১৯চনত জন্ম গ্ৰহণ কৰা সেই বৃদ্ধৰ শৰীৰত কৰ’না ভাইৰাছ ধৰা পৰিছিল। ইয়াৰ পাছতে তেওঁক ততাতয়াকৈ হাস্পাতলত ভৰ্তি কৰা হৈছিল।‘’

প্ৰথম অৱস্থাত তেওঁৰ বয়সৰ বাবে চিকিৎসকসকলে চিন্তা কৰিছিল যদিও পাছত গোটেই ছবিখনেই সলনি হৈ পৰে।

চিকিৎসক অবিৰাম প্ৰচেষ্টাত তেওঁ লাহে লাহে সুস্থ হৈ উঠে। এসপ্তাহৰ পাছতেই পৰীক্ষা কৰি দেখা গ’ল যে তেওঁৰ শৰীৰ কৰ’নাৰ পৰা মুক্ত হৈ উঠিছে।

এই ঘটনাই সকলোকে নতুন উদ্যম আনি দিছে। সকলো মনত আশাৰ সল্চাৰ কৰিছে। ১০০ বছৰৰো অধিক বয়স্ক ব্যক্তি যদি সুস্থ হৈ উঠিব পাৰে,তেন্তে সকলোৰে মনলৈ বিশ্বাস ঘৰি অহাটোৱেই স্বাভাৱিক।

যোৱা বুধবাৰে পৰিয়ালৰ লোকে তেওঁক ঘৰলৈ লৈ যায়। বৰ্তমান তেওঁ সুস্থ হৈ থকা বুলি জানিব পৰা গৈছে।