NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

মৰ্মান্তিক! বিবাহৰ পৰা উভতাৰ পথতে বাগৰি পৰিল নাও: মৃত্যু শতাধিক লোকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 14, 2023 9:14 am
boat capsized in Nigeria

আফ্ৰিকান ৰাষ্ট্ৰ নাইজেৰিয়াত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। এক বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ সময়তে যাত্ৰাৰত নাও নদীৰ বুকুত বাগৰি পৰাত মৰ্মান্তিকভাৱে মৃত্যুক সাবটিবলগীয়া হৈছে শিশুসহ প্ৰায় ১০৩ গৰাকী লোকে।

স্থানীয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উল্লেখ কৰা মতে, ইলোৰিন চহৰৰ পৰা ১৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত কোৱাৰা ৰাজ্যৰ নাইজাৰ নদীত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা। নাওখনত থকা কেইবাগৰাকীও লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু তেওঁলোকৰ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে বুলি প্ৰশাসনে লগতে সদৰী কৰে।

এই পৰ্যন্ত নদীৰ পৰা ১০০ গৰাকী লোকক উদ্ধাৰ কৰা হৈছে বুলি প্ৰশাসনে লগতে জানিবলৈ দিয়ে। স্থানীয় সূত্ৰ অনুসৰি, নাওখনত থকা লোকসকলৰে অধিকাংশই একেলগে বিবাহ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল আৰু গভীৰ নিশালৈকে অনুষ্ঠান উপভোগ কৰিছিল।

অধিকাংশ লোকেই নিজ বাহনেৰে এই অনুষ্ঠানত উপস্থিত হৈছিল যদিও মুষলধাৰ বৰষুণে যাত্ৰাপথ বুৰাই পেলোৱাত স্থানীয়ভাৱে নিৰ্মিত নাওখনত তেওঁলোক অনুষ্ঠানৰ পৰা উভতিবলগীয়া হৈছিল বুলি স্থানীয় এগৰাকী ব্যক্তিয়ে জানিবলৈ দিয়ে।

জানিব পৰা মতে, নাওখনত প্ৰায় ৩০০ লোক আছিল। এই ভয়াৱহ দুৰ্ঘটনাটো পুৱা ৩ বজাতে সংঘটিত হোৱাৰ বাবে বহু সময়লৈ দুৰ্ঘটনাৰ বিষয়ে কোনো খবৰ ওলোৱা নাছিল বুলি ব্যক্তিগৰাকীয়ে লগতে কয়।

পিছত ঘটনাৰ বিষয়ে জানিব পাৰি যাত্ৰীসকল ডুব কাষৰীয়া গাঁৱৰ লোকসকল সেই স্থানত উপস্থিত হয় আৰু প্ৰথমে প্ৰায় ৫০ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি স্থানীয় লোকৰ ভাষ্যৰ ভিত্তিত আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

লক্ষণীয়ভাৱে দুৰ্ঘটনা সংঘটিত হোৱা এই নাইজাৰ নদীক নাইজেৰিয়াৰ অন্যতম বৃহৎ নদী বুলি জনা যায়। স্থানীয় লোকসকলে এই দুৰ্ঘটনাক বহু বছৰৰ ভিতৰত দেখা আটাইতকৈ মাৰাত্মক নাও দুৰ্ঘটনা বুলি অভিহিত কৰিছে।

ইফালে প্ৰশাসনে নাও দুৰ্ঘটনাত এইপৰ্যন্ত সন্ধানহীন হৈ থকা লোকসকলৰ সন্ধানত আজি নিশালৈকে উদ্ধাৰ অভিযান অব্যাহত থাকিব বুলি সদৰী কৰিছে। স্বাভাৱিকতেই দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰিছে প্ৰশাসনে।