NORTHEAST NOW (Assamese)

এন আৰ চিৰ চূড়ান্ত তালিকাত থাকিব অসমত বাস কৰা সকলো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম: শৈলেশ

February 17, 2018 7:39 pm · এন ই নাও নিউজ

এন আৰ চিৰ চূড়ান্ত তালিকাত অসমত বাস কৰা সকলো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম সন্নিৱিষ্ট হ’ব, এই মন্তব্য ভাৰতৰ মহাপঞ্জীয়ক শৈলেশৰ।

ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই এনআৰচিৰ প্ৰথম তালিকাৰ পৰা ৯০ শতাশং ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকৰ নাম বাদ পৰিছে বুলি কৰা অভিযোগৰ প্ৰতুত্তৰত মহাপঞ্জীয়ক গৰাকীয়ে উক্ত মন্তব্য কৰে।

উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰছ কমিটীৰো সভাপতি বৰাই ৪ জানুৱাৰিত ভাৰতৰ মহাপঞ্জীয়ক গৰাকীলৈ প্ৰৰণ কৰা পত্ৰত এন আৰ চিৰ প্ৰথম তালিকাৰ পৰা বাদ পৰা ৯০ শতাংশ লোকেই ৰাজ্যখনৰ ১৩খন জিলাৰ বুলি অভিযোগ কৰি বিষয়টোৰ এক অনুসন্ধানৰ দাবী জনাইছিল।

বৰাই উল্লেখ কৰা জিলাকেইখন হৈছে মৰিগাওঁ, গোৱালপাৰা, দৰং, ধুবুৰী, কাচাৰ, নগাওঁ, কৰিমগঞ্জ, কোকৰাঝাৰ, মানকাচাৰ, হাইলাকান্দি, নলবাৰী, বঙাইগাওঁ আৰু বৰপেটা।

বৰাৰ অভিযোগৰ প্ৰত্যুত্তৰত  শৈলেশে কয় যে ২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশ পোৱা পথম তালিকাত ৩.২৯ কোটি আবেদনকাৰীৰ ১.৯০ কোটি নাম সন্নিবিষ্ট হৈছিল, আনহাতে বাদ পৰি ৰোৱা বাকী আৱেদনকাৰী সকলৰ নথি-পত্ৰ পৰীক্ষা কৰি থকা হৈছে।

উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এন আৰ চি কাম চলি থকা বুলি উল্লেখ কৰি তেওঁ কয়, ‘বাকী আৱেদনকাৰী সকল পুনৰীক্ষণৰ বিভিন্ন স্তৰত আছে, তেওঁলোকৰ নথি-পত্ৰ পৰীক্ষা সম্পুৰ্ণ হোৱাৰ পিছতে চুড়ান্ত এন আৰ চি তালিকা প্ৰকাশ পাব।’

এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়া নিকা আৰু বস্তুনিষ্ঠ পদ্ধতিত চলি আছে বুলি দাবী কৰি শৈলেশে কয়, ‘নাগৰিকত্ব বিধি ২০০৩, অনুসৰি অসমত এন আৰ চি উন্নীতকৰণ চলি আছে আৰু এই কাম সম্পুৰ্ণ নিকা আৰু বস্তুনিষ্ঠ পদ্ধতিৰে কৰা হৈছে।’

Related News