NORTHEAST NOW (Assamese)
অসম

২০২১ৰ নিবাৰ্চন : নিৰ্বাচনৰ বাবে সাজু ডিব্ৰুগড় নিৰ্বাচন জিলা; জিলাখনত আছে কিমান ভোটাৰ?

Posted by: অভীক চক্ৰৱৰ্তী Updated by: অভীক চক্ৰৱৰ্তী February 27, 2021 6:37 pm
111195-delhi-voter-id-pti

ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে অন্য পাঁচ ৰাজ্যৰ লগতে অসম বিধানসভা ২০২১ৰ নিৰ্বাচনৰ সূচী।

তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া অমস বিধানসভাৰ ২০২১ৰ নিৰ্বাচনৰ প্ৰথমটো প্ৰৰ্যায় অৰ্থাৎ ২৭ মাৰ্চত উজনি অসমৰ ডিব্ৰুগড় জিলাতো অনুষ্ঠিত হ’ব নিৰ্বাচন।

নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২ মাৰ্চত জাননী জাৰী কৰা হ’ব আৰু মনোনয়নৰ অন্তিম তাৰিখ ৯ মাৰ্চ। ইয়াৰ পিছত ১০ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১২ মাৰ্চ।

জিলাখনত ৭ টা বিধানসভা সমষ্টি আছে আৰু প্ৰতিটো সমষ্টিতে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ডিব্ৰুগড় নিৰ্বাচন জিলাই প্ৰস্তুতি চলাই আহিছে।

শনিবাৰে জিলাখনৰ উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া পল্লৱ গোপাল ঝাই এক সংবাদ মেল সম্বোধন কৰি কয় যে ডিব্ৰুগড় নিৰ্বাচন জিলাত এইবাৰ মূল ভোটাৰৰ সংখ্যা ১০,৩৮,৬৮৪ গৰাকী।

এই ১০,৩৮,৬৮৪ গৰাকী ভোটাৰে জিলাখনৰ অন্তৰ্গত ৭ টা বিধানসভা সমষ্টিত ভোটদান কৰিব।

উপায়ুক্ত তথা নিৰ্বাচনী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি জিলাখনৰ অন্তৰ্গত মৰাণ ১,৩৯,০৫৫ গৰাকী ভোটাৰ, ডিব্ৰুগড় ১,৪৪,৫৫৬, লাহোৱাল ১,৫২,৫৬২, দুলিয়াজান ১,৫৯,৯৩৮, টিংখাঙ ১,৪৪,৫৪৮, নাহৰকটীয়া ১,৩৮,৬২২ আৰু চাবুৱা বিধানসভা সমষ্টিত ১,৫৯,৩৮৯ গৰাকী ভোটাৰ আছে।

মুঠ ভোটাৰৰ ভিতৰত ২,৮৮৯ গৰাকী বিশেষভাৱে সক্ষম আৰু ১২,৭৭১ গৰাকী ৮০ বছৰৰ উৰ্দ্ধৰ ভোটাৰ আছে ডিব্ৰুগড় নিৰ্বাচন জিলাত।

ডিব্ৰুগড় নিৰ্বাচন জিলাত ১,৫১৪ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ৭ জন ৰিটাৰ্নিং বিষয়াৰ উপৰিও নিৰ্বাচনৰ সুস্থিৰভাৱে অনুষ্ঠিত কৰিবলৈ ৭,২৬৮ গৰাকী প’লিং বিষয়া ১,৮১৭ গৰাকী প্ৰিজাইডিং বিষয়া আৰু সম সংখ্যক প্ৰথম শ্ৰেণী ভোটগ্ৰহণ বিষয়া, দ্বিতীয় ভোটগ্ৰহণ বিষয়া আৰু তৃতীয় ভোটগ্ৰহণ বিষয়া নিয়োগ কৰা হ’ব।

পল্লৱ কুমাৰ ঝায়ে জনোৱা অনুসৰি দুলিয়াজান আৰু চাবুৱা সমষ্টিৰ দুটা আৰু জিব্ৰুগড়ৰ এটা ভোটগ্ৰহণ কেন্দ্ৰক অসুৰক্ষিত আৰু লাহোৱাল আৰু নাহৰকটীয়াৰ দুটা, ডিব্ৰুগড়, দুলিয়াজান আৰু টিংখাঙ বিধানসভা সমষ্টিৰ এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে।

আদৰ্শ আচৰণ বিধি ৰূপায়ণ কৰিবলৈ, ফ্লাইং স্কোৱাড, স্থিৰ নিৰীক্ষণ দল, ভিডিঅ’ নিৰীক্ষণ আৰু নিৰক্ষীণ দল আদি গঠন কৰা হ’ব বুলিও জনাইছে পল্লৱ কুমাৰ ঝাএ।

ইফালে ভোট কোডৰ কোনো উলংঘন নকৰাটো নিশ্চিত কৰিবলৈ যোৱা শুকুৰবাৰৰ পৰা ডিব্ৰুগড় নিৰ্বাচন জিলা প্ৰশাসনে প্ৰশিক্ষণ আৰম্ভ কৰা বুলিও প্ৰকাশ কৰিছে।