NORTHEAST NOW (Assamese)

ৰাজ্যত নতুনকৈ ১০৪৭গৰাকী কোভিড-১৯ পজিটিভ; গুৱাহাটীত আক্ৰান্ত ২১৯গৰাকী

July 24, 2020 6:45 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যখনত বৃহস্পতিবাৰে নতুনকৈ আৰু ১০৪৭গৰাকী কোভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

ইয়াৰ ভিতৰত অকল গুৱাহাটীত আক্ৰান্ত হৈছে ২১৯গৰাকী।

নতুনকৈ আক্ৰান্তসকলক ধৰি অসমত মুঠ আক্ৰান্তৰ ৰোগীৰ সংখ্যা ২৮৭৯১গৰাকীলৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

স্বাস্থ্য মন্ত্ৰীয়ে জানিবলৈ দিয়া মতে অসমত বৰ্তমান সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হৈছে ৯৩৬৮গৰাকী।

আনহাতে, এতিয়ালৈকে ১৯৩৫০গৰাকী আক্ৰান্ত ৰোগীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে।

ৰাজ্যখনত এতিয়ালৈকে মুঠ ৭০গৰাকী লোকে কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে।

মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে যোৱা ২৪ ঘন্টাত ১৯,০০তকৈয়ো অধিক পৰীক্ষা সম্পন্ন কৰা হৈছে।

বুধবাৰে ৯৭২গৰাকী ব্যক্তিৰ কোভিড-১৯ পজিটিভ চিনাক্ত হৈছিল।

ইয়াৰে ৩৫৪গৰাকী কামৰূপ মহানগৰৰ আৰু ৫১গৰাকী আছিল যোৰহাট জিলাৰ।

উল্লেখ্য যে, ভাইৰাছবিধ সক্ৰিয় হৈ থকা আক্ৰান্তসকলক ৰাজ্যৰ বিভিন্ন কোভিড চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

সেইদৰে, সুস্থ হৈ উঠা কোভিড-১৯ আক্ৰান্তসকলক কোভিড চিকিৎসালয়ৰ পৰা মুক্ত কৰা হৈছে।

প্ৰণিধানযোগ্য যে জুলাই মাহত ৰাজ্যত কোভিড ৰোগীৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

Related News