NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

আগ্নেয়গিৰি : ইণ্ডোনেচিয়াৰ মাউন্ট মাৰাপিত নিহত ১৩ জন পৰ্বতাৰোহী, সন্ধানহীন ১০ গৰাকী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 5, 2023 5:22 pm

ইণ্ডোনেছিয়াৰ জাভা প্ৰদেশৰ মাউণ্ট মাৰাপিত সংঘটিত হৈছে ভয়ংকৰ আগ্নেয়গিৰি বিস্ফোৰণ।  শেহতীয়া খবৰ অনুসৰি এই বিস্ফোৰণত ১৩ জন পৰ্বতাৰোহীৰ মৃত্যু হৈছে। 

সোমবাৰে পুৱাৰে পৰা আৰু ১০ জন পৰ্বতাৰোহী সন্ধানহীন হৈ আছে। সন্ধানহীন পৰ্বতাৰোহীসকল লাভা প্ৰবাহত মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। 

সোমবাৰে বিস্ফোৰণৰ পিছত উদ্ধাৰকাৰী দলে মাউণ্ট মাৰাপিৰ গহ্বৰৰ সমীপৰ অঞ্চলৰ পৰা তিনিজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰে। লগতে উদ্ধাৰ কৰা হয় একাংশ পৰ্বতাৰোহীৰ মৃতদেহ। আনহাতে, চৰকাৰী বিবৃতি অনুসৰি বিপদৰ কথা উপলব্ধি কৰি কমেও ৪৯ জন লোকে নিৰাপদে পৰ্বতাৰোহন কৰি উভটি আহিবলৈ সক্ষম হয়।

উল্লেখ্য যে সুমাত্ৰা দ্বীপৰ মাৰাপি পৰ্বতৰ উচ্চতা ২৮৯১ মিটাৰ। 

দেওবাৰে এই বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত প্ৰায় ৩ হাজাৰ মিটাৰ ওপৰলৈ জুইৰ ফিৰিঙতি বিয়পি পৰিছিল।

পাডাং চাৰ্চ এণ্ড ৰেচকিউ এজেন্সীৰ মুৰব্বী আব্দুল মালিকে বিস্ফোৰণৰ পিছত কয় – ” এই আগ্নেয়গিৰিত ক্ষতিগ্ৰস্ত  হোৱা ২৬ জন লোকৰ ভিতৰত ১৪ জন লোকৰ সন্ধান পোৱা গৈছে, তিনিজনক জীৱিত অৱস্থাত পোৱা গৈছে আৰু ১১ জন মৃত অৱস্থাত উদ্ধাৰ হৈছে।”

প্ৰসংগক্ৰমে যোৱা বছৰৰ ডিচেম্বৰৰ পৰা জাভা প্ৰদেশৰ কেইবাটাও আগ্নেয়গিৰি নতুনকৈ জাগ্ৰত হৈছে। দেশ ইণ্ডোনেছিয়াত প্ৰায় ১৩০টা আগ্নেয়গিৰি আছে।