NORTHEAST NOW (Assamese)
দেশ

তামিলনাডুত শোকাৱহ দুৰ্ঘটনা: বিদ্যুৎপৃষ্ট হৈ মন্দিৰৰ ধৰ্মীয় ৰথযাত্ৰাত ভাগ লোৱা ১১ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 27, 2022 10:05 am
11 Electrocuted In Tamil Nadu Temple

তামিলনাডুৰ থাঞ্জাভুৰ জিলাত আজি পুৱা সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। জিলাখনৰ এটা মন্দিৰত ধৰ্মীয় ৰথযাত্ৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ কমেও ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫ জনতকৈও অধিক লোক আহত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ৰথযাত্ৰাত ব্যৱহাৰ কৰা মন্দিৰৰ ৰথখন ভক্তসকলে টানি নিয়াৰ সময়তে কালিমেডুৰ উচ্চ-প্ৰাবল্যৰ বৈদ্যুতিক তাঁৰত লাগে।

এই ঘটনাত তিনিজন লোক থিতাতে নিহত হয়। আনহাতে আহতসকলক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে পুনৰ ৮ জন ব্যক্তিৰ মৃত্যু হয়।

নিহতসকলৰ ভিতৰত দুজন শিশুও আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

তিৰুচিৰাপল্লীৰ কেন্দ্ৰীয় অঞ্চলৰ আৰক্ষী মহাপৰিদৰ্শক ভি বালাকৃষ্ণনে বিষয়টো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে মন্দিৰটোত মঙলবাৰে ৯৪ সংখ্যক আপাৰ গুৰুপূজাই উৎসৱ উদযাপন কৰা হৈছিল। অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ কাষৰীয়া অঞ্চলৰ সহস্ৰাধিক লোক মন্দিৰ প্ৰাংগনত উপস্থিত আছিল।

ঘটনাটোত আঘাতপ্ৰাপ্ত আন কেইবাজনো লোক বৰ্তমান চিকিৎসাধীন হৈ আছে।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে ষ্টালিনে ঘটনাটোত নিহত সকলৰ পৰিয়ালৰ বাবে ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।

আনহাতে আহতসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে স্থানীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।