NORTHEAST NOW (Assamese)
ক্ৰীড়া

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 4, 2025 8:55 pm

আইপিএলত ৰয়েল চেলেঞ্জ বেংগালুৰুৰ বিজয়ৰ আনন্দত উলিওৱা বৃহৎ সমদলত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা।বেংগালুৰুৰ ছিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত ভিৰত পদপিষ্ট হৈ কমেও ১১ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। লগতে, ২৫ জন আহত হোৱাৰ খবৰ পোৱা গৈছে। ৬ বছৰীয়া এটা শিশুৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

বুধবাৰে বিয়লি বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল আৰচিবিৰ ট্ৰফী জয় উদযাপন। ষ্টেডিয়ামত প্ৰৱেশৰ বাবে পৃথক পৃথক পাছ দিয়া হৈছিল। ৰাতিপুৱাৰ পৰা হাজাৰ হাজাৰ লোক তাত গোট খাইছিল। যাৰ ফলত ৰাজপথত প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হৈছিল।

আৰক্ষীয়ে ভিৰ নিয়ন্ত্ৰণৰ বাবে লাঠিচাৰ্জ কৰাত পলায়নৰ চেষ্টা কৰোতে পদপিষ্ট হৈ কেইবাজনো লোক আহত আৰু ১১ জন লোক নিহত হয়। সমগ্ৰ ঘটনাৰ দায়িত্ব লৈছে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে। তেওঁ কয়, “পৰিস্থিতি চম্ভালিবলৈ ৫ হাজাৰ নিৰাপত্তাৰক্ষী আছিল। কিন্তু আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিলো। তাৰ বাবে আমি ক্ষমা বিচাৰিছো। এতিয়াই হতাহতৰ সংখ্যা কোৱা সম্ভৱ নহয়।”