কাৰ্বি আংলঙত বিদ্যুৎস্পৃষ্ট হৈ দুটা হাতীৰ কৰুণ মৃত্যু

শক্তি বিভাগৰ চৰম গাফিলতিৰ বাবে ধনশিৰি চাহ বাগিচাত পুনৰ দুটাকৈ হাতীয়ে কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগা ঘটনাই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত।
জানিব পৰা মতে সোমবাৰে কাৰ্বি আংলং জিলাৰ বোকাজান চাহ বাগিচাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগত অৱস্থিত ধনশিৰি চাহ বাগিচাত এই ঘটনাটো সংঘটিত হয়।
কাৰ্বি আংলঙৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত বন বিভাগৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি চাহ বাগিচাখনেৰে হাতীৰ জাক এটা পাৰ হোৱাৰ সময়তে উক্ত দুর্ঘটনাটো সংঘটিত হয়।
বিদ্যুৎ পৰিবাহী তাঁৰত লগাৰ বাবে হাতী দুটাৰ থিতাতে মৃত্যু ঘটে। মৃত দুয়োটা হাতীয়ে প্ৰাপ্ত বয়স্ক আছিল বুলি সদৰী কৰিছে বন বিভাগৰ সূত্ৰই।
উল্লেখ্য যে খাদ্যৰ সন্ধানত এইদৰে হাতীৰ জাক সমযে সমেয বাগিচালৈ আহে আৰু উভতি যাওঁতে বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাবটি লয়।
এই সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে চৰকাৰক বাৰম্বাৰ বন্যপ্ৰাণীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনাই আহিছে যদিও এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
শেহতীয়াভাৱে অৰ্থাৎ সোমবাৰৰ এই ঘটনাই সংশ্লিষ্ট বিভাগ কেইটাৰ ব্যৰ্থতাকে সূচাইছে বুলি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।