NORTHEAST NOW (Assamese)

অসমত ১১৭৮ নতুন ক’ভিড আক্ৰান্ত, আৰোগ্য ৯৪২

August 2, 2020 11:52 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

১১৭৮গৰাকী ব্যক্তি অসমত দেওবাৰে ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ৯৪২গৰাকী আৰোগ্য হৈ চিকিৎসালয়ৰ মুকলি হৈছে।

১৯৯৪৩টা টেষ্টৰ ভিতৰত এইসকলক ব্যক্তি পজিটিভ চিনাক্ত হৈছে, পজিটিভৰ হাৰ ৫.৯১%।

আক্ৰান্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ২৬৮গৰাকী ব্যক্তি।

ইফালে নতুনকৈ আৰোগ্য হোৱাসকলক ধৰি অসমত মুঠ আৰোগ্য ব্যক্তিৰ সংখ্যা ৩২,৩৮৪লৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১০,৪১২গৰাকী।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইপিনে আৰু চাৰিগৰাকী ক’ভিড ৰোগীৰ মৃত্যুৰ সৈতে অসমত মুঠ মৃতকৰ সংখ্যা ১০৫লৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত ৪২,৯০৪গৰাকী।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News