NORTHEAST NOW (Assamese)
Popular Stories

আম্ফানত মৃত্যু ২১ জন লোক : ১৯০ কিঃমিঃৰ গতিৰ ধুমুহাই গৃহহীন কৰিছে পাঁচ লক্ষাধিক লোকক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 21, 2020 9:11 am
index.jpg15

সাগৰীয় ধুমুহা চাইক্ল’ন আম্ফাই বিধ্বংসী ৰূপ ধাৰণ কৰিছে পশ্চিমবংগ, ওড়িশাত আৰু চুবুৰীয়া দেশ বাংলাদেশত।

১৭০ৰ পৰা ১৯০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগত বলা ধুমুহা বৰষুণে ইতিমধ্যে পশ্চিমবংগৰ বিভিন্ন ঠাইৰ ২১ জন লোকৰ প্ৰাণ কাঢ়ি নিছে।

পশ্চিমবংগ আৰু ওড়িশাৰ হাজাৰ হাজাৰ ঘৰ, সুউচ্চ আট্টালিকা, বিদ্যুৎ পৰিবাহী খুঁটা আদি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰকাণ্ড গছ বাগৰি পৰিছে আম্ফানত।

ক’ৰ’নাতংকৰ ওপৰতে আম্ফানে পশ্চিমবংগত বিধ্বংসী তাণ্ডৱ চলাই প্ৰায় ১ লাখ কোটি টকাৰ সম্পদ ক্ষতিগ্ৰস্ত কৰিছে বুলি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছে।

পশ্চিবংগত প্ৰায় ৫ লাখ লোক গৃহহীন হোৱাৰ লগতে ওড়িশাত ১ লাখ লোক গৃহহীন হৈ এই প্ৰচণ্ড বতাহ ধুমুহাৰ সময়ত মুকলি আকাশৰ তলত অৱস্থান কৰিবলৈ বাধ্য হৈছে।

আম্ফানত তিষ্ঠিব নোৱাৰি ৰাজপথ বাগৰি পৰিছে প্ৰকাণ্ড এজোপা গছ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক সংবাদ মেল সম্বোধন কৰি কয় যে ৰাজ্যখনত আম্ফানত মৃত্যু হোৱা লোকৰ সংখ্যা ২১ জনলৈ বৃদ্ধি পাইছে।

উত্তৰ ২৪ পৰগণা জিলাত ৫,৫০০ ৰো অধিক ঘৰ বিধ্বংসী ধুমুহাই সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। জিলাখনত এজোপা প্ৰকাণ্ড গছ পৰি এগৰাকী ১৩ বছৰী কিশোৰীৰ মৃত্যু ঘটিছে।

ইফালে ৰাজ্যখনৰ ৰাজধানী কলকতাও ক্ষতিগ্ৰস্ত হৈছে বিধ্বংসী আম্ফানত। মহানগৰখনত বিভিন্ন ঠাইত গছ বাগৰি পৰা বাট পথ পানীৰে উপচি পৰাৰ ভিডিঅ’টো চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থপনা বাহিনী( NDRF)ৰ ৪১ টা দলে ৰাজ্যখনত উদ্ধাৰ অভিযান চলাই আছে।

ক’ৰ’নাতংকৰ পৰিপ্ৰেক্ষিতত সামাজিক দূৰত্ব ৰক্ষা কৰিব লগীয়া হোৱাৰ বাবে NDRFৰ উদ্ধাৰ অভিযানৰ প্ৰত্যাহ্বান দ্বিগুণলৈ বৃদ্ধি পাইছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে সঞ্চালক সত্য নাৰায়ণ প্ৰধানে।

ইফালে বিবিচিএ বাতৰি অনুসৰি পশ্চিমবংগ আৰু বাংলাদেশকে ধৰি আম্ফান এতিয়ালৈকে ২১ জন লোকৰ মৃত্যু ঘটিছে।

বাংলাদেশত প্ৰায় ৩ মিলিয়ন লোক বিধ্বংসী আম্ফানৰ দ্বাৰা ক্ষিতগ্ৰস্ত হোৱা বুলি বিবিচই বাতিৰত প্ৰকাশ।

ইফালে বতৰ বিজ্ঞানীয়ে জনাইছে যে ৩০০ মিলিমিটাৰৰো অধিক অবিৰত বৃষ্টিপাতৰ ফলত বানপানীয়ে ভয়ংকৰ ৰূপ ল’ব পাৰে আম্ফান আক্ৰান্ত অঞ্চলবোৰত!