NORTHEAST NOW (Assamese)
Popular Stories

সন্দেহজনক সুৰাপান কৰি ১২ গৰাকীকৈ লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 12, 2021 7:29 pm
index.jpg

সন্দেহজনক সুৰাপান কৰি ১২ জনকৈ লোকৰ মৃত্যু হোৱা খবৰ আহিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে মধ্যপ্ৰদেশৰ ম’ৰেনা জিলাত সংঘটিত হৈছে এই দুখজনক ঘটনাটো।

সোমবাৰে নিশা জিলাখনৰ মানপুৰ আৰু পাহাৱালী গাঁৱৰ ১২ জনকৈ লোকে বগা ৰঙৰ সন্দেহজনক সুৰাপান কৰি মৃত্যুক সাৱটি ল’বলগীয়া হয়।

ডেপুটি ইন্সপেক্টৰ অৱ জেনেৰেল ৰাজেশ হিঙ্গানকৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি ইতমিধ্য ঘটনাৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৪ আৰু আৱকাৰী আইন ৩৪ আৰু ৯১ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে।

সুৰাখিনি বিহযুক্ত আছিল নে নাই সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে স্পষ্ট হ’ব বুলিও প্ৰকাশ কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে।

ইফালে ঘটনাটো দুৰ্ভাগ্যজনক আৰু শোকাৱহ বুলি মন্তব্য কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ম’ৰেনা জিলাৰ আৱকাৰী বিষয়াগৰাকীক নিলম্বন কৰিছে।

স্মৰ্তব্য যে মধ্যপ্ৰদেশত বিষাক্ত আৰু সন্দেহযুক্ত সুৰাপান কৰি মানুহৰ মৃত্যু হোৱা এইটোৱে প্ৰথম ঘটনা নহয়।

যোৱা তিনি মাহৰ ভিতৰত এইটো হৈছে দ্বিতীয়টো ঘটনা। বিগত বছৰৰ অক্টোবৰ মাহত ৰাজ্যখনৰ উজ্জয়ন জিলাত বিষাক্ত তথা সন্দেহযুক্ত সুৰাপান কৰি ১৪ জনকৈ লোকৰ মৃত্যু হৈছিল।