NORTHEAST NOW (Assamese)
অসম

ঘূৰ্ণীবতাহ ‘আমফান’ৰ আগমণ; সতৰ্কতা জাৰি ওড়িশাৰ ১২ খন উপকূলীয় জিলাত

May 15, 2020 9:12 pm
ঘূৰ্ণীবতাহ ‘আমফান’ৰ আগমণ; সতৰ্কতা জাৰি ওড়িশাৰ ১২ খন উপকূলীয় জিলাত

ওড়িশা চৰকাৰে শুকুৰবাৰে ইয়াৰ উপকূলীয় ১২ খন জিলাক ‘আমফান’ নামৰ সামুদ্ৰিক ঘূৰ্ণী বতাহৰ পৰা সতৰ্ক কৰি দিছে।

বংগোপ সাগৰত উৎপত্ত হোৱা এই সামুদ্ৰিক ঘূৰ্ণী বতাহ পশ্চিমবংগৰ পৰা ওড়িশা অভিমুখে আগবঢ়িছে বুলি বতৰ বিজ্ঞান বিভাগে সদৰি কৰিছে।

ৰাজ্যখনৰ প্ৰধান সচিৱ আশিষ ত্ৰিপাঠিয়ে শুকুৰবাৰে এই সামুদ্ৰিক ঘূৰ্ণী বতাহৰ পৰা বাচিবলৈ ল’বলগীয়া সকলো ধৰণৰ পদক্ষেপ সম্বন্ধে এখন উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰে।

উপকুলীয় জিলা সমূহ বিশেষ উত্তৰ ওড়িশাৰ জিলা সমূহক অধিক সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে।

উল্লেখযোগ্য যে, বিগত বৰ্ষতো ওড়িশাত ফেনি নামৰ সামুদ্ৰিক ঘূৰ্ণী বতাহে ব্যাপক ক্ষতিসাধন কৰিছিল।

ওড়িশাৰ বিশেষকৈ পুৰীত এই ঘূৰ্ণী বতাহৰ প্ৰভাৱ সৰ্বাধিক আছিল।

ভাৰতীয় বতৰ বিজ্ঞানে আগতীয়াকৈ গ্ৰহণ কৰা সতৰ্কতামূলক পদক্ষেপৰ বাবে প্ৰাণহানি বহু পৰিমাণে হ্ৰাস কৰাত সফল হৈছিল।

ভাৰত চৰকাৰৰ এই পদক্ষেপক ৰাষ্ট্ৰসংঘয়ো প্ৰশংসা কৰিছিল।