NORTHEAST NOW (Assamese)

‘কা’ বাতিলৰ দাবীত কাইলৈ ১২ ঘণ্টীয়া গোলাঘাট জিলা বন্ধ ঘোষণা

January 23, 2020 9:07 pm · এন ই নাও নিউজ

নাগৰিকত্ব (সংশোধন) আইন বাতিলৰ দাবীত কাইলৈ অৰ্থাৎ ২৪ জানুৱাৰীত গোলাঘাট জিলাৰ বিভিন্ন ‘কা’ বিৰোধী মঞ্চই ১২ ঘণ্টীয়া জিলা বন্ধ ঘোষণা কৰিছে।

জিলাখনৰ বিভিন্ন ঠাইত ‘গোলাঘাট জিলাৰ সকলো কা বিৰোধী মঞ্চৰ আহ্বানত ১২ ঘণ্টীয়া গোলাঘাট জিলাৰ সম্পুৰ্ণ বন্ধ’ বুলি লিখা পোষ্টাৰ লগাই থোৱা দেখা গ’ল।

ইতিমধ্যে কা বিৰোধী বিভন্ন দল সংগঠনে জিলাখনৰ প্ৰান্তে প্ৰান্তে কা বাতিলৰ দাবীত ঘোষণা কৰা এই বন্ধৰ সমৰ্থনত ব্যাপক প্ৰচাৰ অব্যাহত ৰখাৰ খবৰ পোৱা গৈছে।

দেৰগাঁও, গোলাঘাট, বোকাখাত, নুমলীগড়, ব্ৰহ্মপুত্ৰ, ঢেকীয়াল, সৰুপথাৰ, বৰপথাৰ, ৰঙামাটি, বাদুলিপাৰা, কাজিৰঙা, খুমটাই, ফৰকাটিং, মেৰাপানী আদি জিলাখনৰ প্ৰায়বোৰ মূখ্য স্থানতে ‘কা’ বিৰোধী বিভিন্ন মঞ্চই বন্ধ সৰ্বাত্মক কৰাৰ বাবে পোষ্টাৰিং কৰে।

উল্লেখযোগ্য যে কাইলৈ বোকাখাতত বিজেপি আৰু অগপই ঐক্য সমদল কাৰ্যসূচী গ্ৰহণ কৰিছে। বন্ধই ঐক্য সমদল কাৰ্যসূচীত বিশেষ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

Related News