NORTHEAST NOW (Assamese)
দেশ

মৰ্মান্তিক! অইল টেংকাৰত খুন্দা টাটা চুম’ৰ, থিতাতে মৃত্যু ১২ জনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 26, 2023 1:02 pm
মৰ্মান্তিক! অইল টেংকাৰত খুন্দা টাটা চুম’ৰ, থিতাতে মৃত্যু ১২ জনৰ

এক ভয়ংকৰ পুথ দুৰ্ঘটনাত কমেও ১২ জন লোকে প্ৰাণ হেৰুৱাইছে। 

কৰ্ণাটকৰ চিক্কাবল্লাপুৰত বাংগালুৰু-হায়দৰাবাদ ৰাষ্ট্ৰীয় ঘাইপথ ৪৪ ত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা। 

বৃহস্পতিবাৰে পুৱা প্ৰায় ৭ বজাত এখন যাত্ৰী ভৰ্তি চাৰিচকীয়া বাহনে এখন তেল টেংকাৰত খুন্দা মাৰে। থিতাতে মৃত্যু হয় ১২ জন লোকৰ। গুৰুতৰভাৱে আহত এজন লোকক স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

এই দুৰ্ঘটনা সন্দৰ্ভত চিক্কাবল্লাপুৰৰ আৰক্ষী অধীক্ষক ডি এল নাগেশে সংবাদ সংস্থা পিটিআইক কয়, ‘দুৰ্ঘটনাৰ প্ৰকৃত কাৰণৰ তদন্ত চলি আছে। প্ৰাথমিক অনুসন্ধানত দেখা গ’ল যে কুঁৱলীৰ বাবে দৃশ্যমানতা হ্ৰাস পাইছে। কুঁৱলীৰ বাবেই হয়তো দুৰ্ঘটনাটো সংঘটিত হৈছিল।”
আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত ১২ জনৰ ভিতৰত ৪ গৰাকী মহিলা।

জানিব পৰা মতে, বাগেপালীৰ পৰা চিক্কাভাল্লাপুৰলৈ গৈ আছিল মৃত লোকসকল। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়।