NORTHEAST NOW (Assamese)
অসম

অসমত আৰু ১২ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতক ৮৬৫লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 17, 2020 10:40 pm
12 more Covid19 patients die in Assam on Saturday

আৰু ১২গৰাকী ক’ভিড ৰোগীয়ে অসমত শনিবাৰে প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৮৬৫লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

শুকুৰবাৰলৈকে অসমত ৮৫৩গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৭০,২৬৩গৰাকী ব্যক্তিয়ে শুকুৰবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত শুকুৰবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ২৮,৬৩০ (।)

অসমত শুকুৰবাৰলৈকে ১,৯৯,৭৪৯গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।