NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত উদ্ধাৰ অসমত অপহৃত হোৱা ১২ বছৰীয়া শিশুৰ মৃতদেহ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 1, 2024 11:02 am

অৰুণাচল প্ৰদেশত উদ্ধাৰ হৈছে যোৱা সপ্তাহত অসমৰ পৰা অপহৃত হোৱা এটা ১২ বছৰীয়া শিশুৰ মৃতদেহ।

যোৱা ২২ জুলাইত স্কুলৰ পৰা উভতি অহাৰ সময়তে উজনি অসমৰ শদিয়াত অপহৰণ কৰা হৈছিল ৰোহিত বাহাদুৰ চেত্ৰী নামৰ শিশুটিক।

শিশুটিৰ মুক্তিৰ বিনিময়ত শিশুটিৰ পৰিয়ালৰ পৰা ২৫ লাখ টকা দাবী কৰিছিল অপহৰণকাৰীয়ে।

এই গোচৰৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাজুছ’ তামাই আৰু গোবিন তামাং নামৰ দুজন সন্দেহযুক্ত লোকক।

আৰক্ষীৰ সোধপোচত অপৰাধ স্বীকাৰ কৰিছে এই দুই অভিযুক্তই। অভিযুক্তৰ বক্তব্যৰ ভিত্তিত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

এই ঘটনাক লৈ এতিয়া ক্ষোভৰ সৃষ্টি হৈছে সমগ্ৰ শদিয়া অঞ্চলত। অভিযুক্তৰ মৃত্যুদণ্ডৰ দাবী জনাইছে শিশুটিৰ পৰিয়াল, স্থানীয় ৰাইজ আৰু গোৰ্খা দল-সংগঠনে।

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।