গুৱাহাটীত অট্টালিকাৰ পৰা জপিয়াই নিজৰ প্ৰাণ ল’লে ১২ বছৰীয়া কিশোৰীয়ে

গুৱাহাটী মহানগৰীৰ শান্তিপুৰ অঞ্চলত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী কিশোৰীৰ আত্মহত্যাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।
জানিব পৰা মতে, শান্তিপুৰৰ আশ্ৰম ৰোড এলেকাত অৱস্থিত এটা এপাৰ্টমেণ্ট কমপ্লেক্সৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে নাবালিকাগৰাকীয়ে।
মৃত নাবালিকাগৰাকী ভৰলুমুখ অঞ্চলত অৱস্থিত এখন বিদ্যালয়ত অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছিল।
স্থানীয় লোকে নাবালিকাগৰাকীক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
নাবালিকাগৰাকীয়ে কিয় এনে চৰম সিদ্ধান্ত ল’লে সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি স্থানীয় আৰক্ষীয়ে জানিবলৈ দিছে।