NORTHEAST NOW (Assamese)
অসম

পদ ২০০, নিযুক্তি ১২০০ জনক! নাগালেণ্ড আৰক্ষীত বিষম কাণ্ডৰ অভিযোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 15, 2020 6:57 pm
naga

নাগালেণ্ড আৰক্ষীৰ দুশটা (২০৬) পদৰ বাবে বিজ্ঞাপন দি বাৰশজনক নিযুক্তি দিয়াৰ অভিযোগে চৰ্চা লাভ কৰিছে।

স্থানীয় এক জনজাতীয় সংগঠনৰ প্ৰতিবাদৰ পিছত নিযুক্তসকলৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া কৰ্তৃপক্ষই বন্ধ কৰিছে।

কিন্তু প্ৰশিক্ষণ কেন্দ্ৰত পৰ্য্যাপ্ত আন্তঃগাঁথনিৰ অভাৱৰ বাবেহে এনে কৰা হৈছে বুলি নাগালেণ্ড আৰক্ষীয়ে জনোৱা বুলি বাতৰিত প্ৰকাশ।

যোৱা নৱেম্বৰতে এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল যদিও শেহতীয়াকৈহে ঘটনাটো পোহৰলৈ অহা বুলি প্ৰকাশ।

ডিমাপুৰৰ নাগালেণ্ড সশস্ত্ৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত শুকুৰবাৰৰ পৰা প্ৰশিক্ষণটো আৰম্ভ হোৱাৰ কথা আছিল।

চুমুকেদিমা চহৰৰ নাগা ট্ৰাইবেল ইউনিয়নে নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ কৰিবলৈ চৰকাৰক দাবী জনাই কৈছে যে অন্যথা নিযুক্তি পোৱা সকলোকে প্ৰশিক্ষণত যোগ দিয়াত তেওঁলোকে বাধা দিব।

নাগা ষ্টুডেণ্টছ ফেডাৰেচনেও ২২ ফেব্ৰুৱাৰিত বিষয়টো সন্দৰ্ভত আলোচনাৰ বাবে এক সভা আহ্বান কৰিছে।