NORTHEAST NOW (Assamese)
অসম

ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৫০ লাখৰ ঘৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 16, 2020 11:01 am

মহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰে দেশবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে। প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ এই ভাইৰাছবিধৰ কৱলত পৰিছে।

দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত অৰ্থাৎ মঙলবাৰৰ পুৱা ৮ বজাৰ পৰা বুধবাৰৰ পুৱা ৮ বজালৈকে দেশত ৯০ হাজাৰৰো অধিক লোক নতুনকৈ আক্ৰান্ত হৈছে।

আনহাতে, এই মহামাৰী ভাইৰাছৰ ফলত যোৱা ২৪ ঘণ্টাত ১২৯০ গৰাকী লোকৰ মৃত্যু হৈছে।

দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা ৫০,২০,৩৬০ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে এই পৰ্যন্ত মুঠ ৮২,০৬৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পাইছে।

আনহাতে আই চি এম আৰে প্ৰকাশ কৰা অনুসৰি দেশত এই পৰ্যন্ত ৫,৯৪,২৯,১১৫ গৰাকী লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে। ইয়াৰে ১১,১৬,৮৪২ গৰাকী লোকক যোৱা ২৪ ঘণ্টাত টেষ্ট কৰা হৈছে।