NORTHEAST NOW (Assamese)
অসম

১২,৬৩৮টা হীৰাৰ টুকুৰাৰে বনালে আঙুঠি! গিনিজ বুকত নাম সোমাল ভাৰতীয় যুৱকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 5, 2020 10:22 am
diamond ring

মনমোহা এক হীৰাৰ ফুল সেই আঙুঠিটো। বিশ্বাস কৰিবলৈকো টান যে সেইটো নিৰ্মাণ কৰা হৈছে ১২,৬৩৮টা সৰু সৰু হীৰাৰ টুকুৰাৰে। ২৫ বছৰীয়া এজন যুৱ কাৰিকৰে নিৰ্মাণ কৰি উলিয়াইছে এই আঙুঠিটো।

যুৱকজনে ডিজাইন কৰি উলিওৱা এই আঙুঠিটোৱে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছে।

আজিৰ পৰা দুবছৰ পূৰ্বে অলংকাৰ শিল্পৰ অধ্যয়ন কৰা গুজৰাটৰ চুৰাটৰ এই যুৱকজনৰ নাম হৈছে হৰিশ বানছাল।

তেওঁ নিৰ্মাণ কৰি উলিওৱা আঙুঠিটোৰ নাম হৈছে ‘মেৰিগ’ল্ড দ্য ৰিং অফ প্ৰছপাৰিটি’।

মেৰিগ’ল্ড অৰ্থাৎ নাৰ্জী ফুলৰ দৰে দেখিবলৈ এই আঙুঠিটো সমৃদ্ধিৰ আঙুঠি। ১৬৫গ্ৰামৰ এই আঙুঠিটো নিৰ্মাণৰ আঁৰত এনে চিন্তাই স্থান পাইছে।

নাৰ্জী ফুলৰ দৰে দেখিবলৈ আঙুঠিটোৰ আঠোটা স্তৰ আছে আৰু প্ৰতিটো স্তৰত একোটাকৈ পাহি।

হৰিশে জানিবলৈ দিয়ে যে তেওঁৰ লক্ষ্য আছিল ১০,০০০তকৈ অধিক হীৰা খটোৱা। বহু ডিজাইন তথা চিন্তা-ভাৱনাৰ পাছত তেওঁ এইটো গঢ় দিয়ে।

হৰিশে কাম কৰা কোম্পানীটোৱে জানিবলৈ দিয়ে যে এই হীৰাৰ ফুলৰ প্ৰতিটো পাহিৰ ডিজাইন অতুলনীয়।

ইপিনে, হৰিশে এই আঙুঠিটোৰ বাবে লোভণীয় টকাৰ প্ৰস্তাৱ লাভ কৰিছে যদিও তেওঁ এইটো  বিক্ৰী কৰিবলৈ একেবাৰাই আগ্ৰাহী নহয়। কিয়নো তেওঁৰ বাবে এইটো এক অনন্য কৃতিৰ স্মাৰক।