NORTHEAST NOW (Assamese)
অসম

অসমত ১২৭২ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.৮৯ শতাংশলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 23, 2020 10:33 pm
642 persons test Covid19 positive in Assam on Saturday

১২৭২গৰাকী ব্যক্তি অসমত দেওবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৬.৮৯ শতাংশলৈ বৃদ্ধি পাইছে। যোৱা দুদিনত এই হাৰ আছিল ক্ৰমে ৬.৭৭ আৰু ৫.১২ শতাংশ।

যোৱা ২৪ ঘণ্টাত ১৮,৪৩৫টা ক’ভিড টেষ্টত এইসকল ব্যক্তি পজিটিভ চিনাক্ত হৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ২৮০ আৰু কাছাৰৰ ১৩৪গৰাকী ব্যক্তি।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

আনহাতে আৰু আঠগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, দেওবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৪২লৈ বৃদ্ধি পাইছে।

নতুনকৈ পজিটিভ চিনাক্তসকলক ধৰি অসমত চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ৯০,৭৪০লৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা হৈছে ২২,৮৫৪ (।)

বিপৰীতে অসমত শনিবাৰলৈকে ৬৭,৬৪১গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।