NORTHEAST NOW (Assamese)

প্ৰেমিকৰ লগত বিয়া দিবলৈ অস্বীকাৰ! পৰিয়ালৰ ১৩ গৰাকী সদস্যক বিহ খুৱাই হত্যা তৰুণীৰ

October 9, 2024 8:45 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

নিজৰ প্ৰেমিকৰ সৈতে বিয়া দিবলৈ সন্মত হোৱা নাছিল পৰিয়ালৰ লোক। সেই কথাত ক্ষুব্ধ হৈ নিজৰ পৰিয়ালৰ ১৩ গৰাকী সদস্যক বিহ খুৱাই হত্যা কৰিলে এগৰাকী যুৱতীয়ে।

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশত। যোৱা ১৯ আগষ্টত সিন্ধৰ খাইৰপুৰৰ সমীপৰ হাইবাট খান ব্ৰহী নামৰ এখন গাঁৱত সংঘটিত হৈছিল এই ঘটনা।

তদন্তৰ অন্তত সমগ্ৰ ঘটনাৰ লগত যুৱতীগৰাকীৰ জড়িত থকাতো স্পষ্ট হোৱাৰ লগে লগে যোৱা দেওবাৰে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

পাকিস্তান আৰক্ষীৰ তথ্য অনুসৰি এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল যুৱতীগৰাকীৰ। যুৱকজনেও যুৱতীগৰাকীক বিয়া কৰাব বিচাৰিছিল। কিন্তু যুৱতীগৰাকীৰ পৰিয়ালে এই বিয়াত সন্মতি দিয়া নাছিল। সেয়ে, যুৱতীগৰাকীয়ে পৰিয়ালটোৰ ওপৰত ক্ষোভিত হৈ প্ৰেমিকৰ সৈতে গোটেই পৰিয়ালটোক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে, ‘অভিযুক্তই পৰিয়ালটোৰ ১৩ জন সদস্যক বিষাক্ত খাদ্য খুৱাইছিল। সেই খাদ্য খোৱাৰ পিছত যেতিয়া তেওঁলোক অসুস্থ হৈ পৰে, তেতিয়া তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে কাকো ৰক্ষা কৰিব পৰা নাছিল। মৃতদেহবোৰৰ মৰণোত্তৰ পৰীক্ষাত দেখা গ’ল যে সকলোৰে বিষক্ৰিয়াত মৃত্যু হৈছে।”

ইতিমধ্যে যুৱতীগৰাকীৰ লগতে যুৱতীগৰাকীৰ প্ৰেমিককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Related News