NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী মহানগৰীত ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 13, 2020 4:37 pm

গুৱাহাটী মহানগৰীত এক জঘন্য ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে।

এইবাৰ মহানগৰীৰ মাজমজিয়াত ধর্ষণৰ বলি হ’বলগীয়া  হ’ল এগৰাকী ১৩ বছৰীয়া কিশোৰী।

আজি ৰাতিপুৱাৰ ভাগত আৰক্ষীৰ জালত পৰিছে ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বাবুন শৰ্মা নামৰ লোক গৰাকী।

বাবুন শৰ্মা গীতানগৰ থানা এলেকাৰ ভাস্কৰ নগৰৰ বি পি চলিহা নগৰৰ নিবাসী বুলি জানিব পৰা গৈছে।

ভুক্তভোগী কিশোৰী গৰাকীয়ে ঘটনা সন্দৰ্ভত প্ৰথমে নিজ মাতৃক অৱগত কৰিছিল।

আনহাতে, কিশোৰী গৰাকীৰ ভাষ্যৰ ভিত্তিত মাতৃয়ে সমগ্ৰ ঘটনা সম্পর্কে সোমবাৰে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।

মাতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৩১৬/২০ নম্বৰত এটা গোচৰ ৰুজু কৰে।

ভাৰতীয় দণ্ড বিধিৰ R.W. Sec 5(n) 376(f) POCSO আইনৰ অধীনত বাবুন শৰ্মাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে গীতানগৰ আৰক্ষীয়ে।