NORTHEAST NOW (Assamese)

অপৰিপক্ক বয়সত ছ’চিয়েল মিডিয়াৰ আসক্তি, যুৱকৰ জালত পৰি সৰ্বস্ব হেৰুৱালে ১৩ বছৰীয়া কিশোৰীয়ে

August 30, 2025 8:55 pm · এন ই নাও নিউজ, গুৱাহাটী

চিয়েল মিডিয়াত বন্ধুত্ব গঢ়ি প্ৰতাৰণা কৰিলে এগৰাকী ১৩ বছৰীয়া কিশোৰীক। তেওঁক হাৰাশাস্তি কৰাৰ লগতে ভাবুকি দিয়াৰ লগতে ধন আৰু গহনা আদায় কৰাৰ অভিযোগ উত্থাপ্ন কৰা হৈছে। পৰৱৰ্তী সময়ত যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়। উত্তৰ প্ৰদেশ আৰক্ষীয়ে ছোৱালীজনীৰ পিতৃৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে যুৱকজনক।

কিশোৰীগৰাকীৰ পিতৃৰ অভিযোগ অনুসৰি আৰিয়ান নামৰ অভিযুক্ত যুৱকজনে ইনষ্টাগ্ৰামত ছোৱালীজনীৰ সৈতে বন্ধুত্ব কৰে। তাৰ পাছত ছোৱালীগৰাকীৰ অপৰিপক্ক মানসিকতাৰ সুযোগ লবলৈ ধৰিলে। নাবালিকাগৰাকীৰ পিতৃয়ে অভিযোগ কৰিছে যে নাবালকজনৰ পৰা আৰিয়ানে হাজাৰ হাজাৰ টকা আদায় কৰিছিল। কেতিয়াবা বিভিন্ন সময়ত ৪৫ হাজাৰ, কেতিয়াবা ৫০ হাজাৰ টকা দাবী কৰিছিল। আনকি ছোৱালীগৰাকীক ব্লক কৰাৰ পিছতো অভিযুক্তই এটা ভুৱা ইনষ্টাগ্ৰাম আইডি তৈয়াৰ কৰে। তাৰপৰা পুনৰ ছোৱালীজনীৰ লগত যোগাযোগ কৰিলে। ইয়াৰ পিছত ছোৱালীজনীয়ে বায়েকক সমগ্ৰ ঘটনাটো কলে।

জানিব পৰা মতে, আৰিয়ানে ছোৱালীজনীৰ দাবী পূৰণ নহলে পিতৃ-মাতৃ আৰু ভাতৃক হত্যা কৰাৰ ভাবুকি দিছিল। শুকুৰবাৰে অভিযুক্ত যুৱকজনে কিশোৰীগৰাকীক বাইক কিনিবলৈ ৫০ হাজাৰ টকা বা গহনা দাবী কৰিছিল। ছোৱালীজনীয়ে তেওঁক একো দিবলৈ অস্বীকাৰ কৰাত যুৱকজনে ছোৱালীগৰাকীৰ ঘৰলৈ আহি মহিলাগৰাকীক ভয় খুৱাবলৈ চেষ্টা কৰে। এই সময়তে ছোৱালীজনীৰ পৰিয়ালে তেওঁক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে।

নকা হিন্দোলা থানা আৰক্ষীয়ে জনোৱা মতে, নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত আৰিয়ান সিঙক। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে।

প্ৰসংগক্ৰমে চলিত বৰ্ষৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ত নাবালকসকলে ছচিয়েল মিডিয়া ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰি গোচৰ ৰুজু হৈছিল। ছচিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰ নাবালকৰ বাবে বিপদ হৈ পৰিছে বুলি দাবী কৰিছে আবেদনকাৰীয়ে। ১৩ বছৰৰ তলৰ শিশুৰ বাবে ছচিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰাৰ বাবে এখন আবেদন দাখিল কৰা হয়।কিন্তু এই বিষয়টো নীতিগত বিষয় বুলি উল্লেখ কৰি আদালতে এই বিষয়ত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে।

Related News