NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিৰ ১৩৭টা ভূমিহীন পৰিয়াললৈ আগবঢ়ালে মাটিৰ পট্টা

Posted by: চাজিদ খান Updated by: চাজিদ খান November 20, 2018 7:24 pm
IMG-20181120-WA0051

অসম চৰকাৰে ৪ নৱেম্বৰৰ পৰা আৰম্ভ কৰা ৰাজ্যৰ প্ৰায় ১১,৫০০ ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা পদক্ষেপৰ অংশ হিচাপে সোমবাৰে ওদালগুৰি জিলাৰ অসম-অৰুণাচল সীমান্তৰ উত্তৰ মাজবাট চহৰৰ পৰা প্ৰায় ২৫কিলোমিটাৰ নিলগৰ চিকাৰীদংগা গাঁৱৰ ১৩৭টা ভূমিহীন পৰিয়ালৰ মাজত মাটিৰ পট্টা প্ৰদান কৰা হয়।

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে কালি উক্ত পৰিয়ালসমূহক আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কৰি নিজৰ ভাষণ প্ৰসংগত কয় যে দীৰ্ঘদিন ধৰি ভূমিহীন পৰিয়াল সমূহে কৰি অহা দাবী এতিয়া লাহে লাহে পূৰণ হ’বলৈ গৈ আছে। ইফালে এক সূত্ৰৰ পৰা জানিব পৰা মতে ওদালগুৰিৰ এই পৰিয়ালসমূহে ১৯৩৫ চনৰ পৰাই পট্টা অবিহনে বসবাস কৰি আছিল।

আনহাতে মাটিৰ পট্টা প্ৰদান অনুষ্ঠানত মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৱেও ভাষণ প্ৰদান কৰা দেখা যায়। অনুষ্ঠানত বিটিচি কাৰ্যবাহী সদস্য শ্যম সুন্দী, বিটিচি এম চি এল এ ৰিপেন দৈমাৰী, ওদালগুৰি জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ দাস, ডি এফ অ’ এম কে শৰ্মাৰ লগতে বহুতো গণ্য মান্য লোক উপস্থিত থাকে।