NORTHEAST NOW (Assamese)
অসম

পুনেৰ ছেনিটাইজাৰ প্ৰস্তুত কৰা উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড,কমেও ১৪ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2021 9:20 pm
aq

ক’ৰ’নাতংকই বিৰাজ কৰা দেশত প্ৰতিদিনে বহু লোকৰ প্ৰাণ মাৰাত্মক ভাইৰাছ বিধে কাঢ়ি নিয়াৰ সময়তে আজি সন্ধিয়াৰ ভাগত পুনেত সংঘটিত হয় এক শোকাৱহ ঘটনা।

মহাৰাষ্ট্ৰ পুনেত থকা এটা ছেনিটাইজাৰ প্ৰস্তুত কৰা উদ্যোগত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ ফলত কমেও ১৪ জন লোক নিহত হোৱাৰ কবৰ পোৱা গৈছে।

নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা আছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে পুনেৰ ঘটাৱাৰে ফাটা নামৰ ্ঞ্চলটোত থকা এছভিএছ একুৱা টেকন’লজি নামৰ কাৰখানাটোত হঠাতে জুই লাগে।

ফলত ক’লা ধোঁৱাই আৱৰি ধৰে সমগ্ৰ অঞ্চলটো।ছেনিটাইজাৰ প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰা এলক’হল বিয়পি পৰাৰ ফলত জুইৰ প্ৰকোপ অধিক বৃদ্ধি পায়। অগ্নিকাণ্ডৰ পিছতে উদ্ধাৰকাৰীৰ দলে ১৪ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এতিয়াও বহু শ্ৰমিক সন্ধানহীন হৈ থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।বাতৰি লিখা পৰলৈকে কাৰখানাটোত লগা জুই অগ্নিনিৰ্ব্পক বাহিনীয়ে নিয়ন্ত্ৰণলৈ আনিব পৰা নাই।

অগ্নিনিৰ্বাপক বাহিনীৰ ৮ খন গাড়ীয়ে যুদ্ধকালীন তৎপৰতাৰে জুই নুমাবলৈ চেষ্টা চলাই গৈছে। এতিয়ালৈকে আহত অৱস্থাত ৩৭ জন কৰ্মচাৰীক উদ্ধাৰ কৰা হৈছে।

তেওঁলোকৰ প্ৰায় ভাগৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এতিয়াও ১৭ জন কৰ্মচাৰী সন্ধানহীন হৈ আছে। কাৰখানাটোত জুই লগাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই।